গোলাঘাট

নুমলীগড় শোধনাগাৰ প্ৰৱেশদ্বাৰত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত "নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়ন"ৰ উদ্যোগত ছাত ডাউন(আৰটিএ)ত নিয়োজিত শ্ৰমিকৰ শ্ৰম শোষণ কৰাৰ বিৰুদ্ধে প্ৰতিবাদী দ্বাৰসভা। নুমলীগড় তেল শোধনাগাৰৰ মুখ্যদ্বাৰত শ্ৰমিকসকল একত্ৰিত হৈ এই প্ৰতিবাদী দ্বাৰসভা অনুষ্ঠিত কৰে।

শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হৈ পৰে মুখ্যদ্বাৰ। অসম আন্দোলনৰ ফচল নুমলীগড় তেল শোধনাগাৰত শ্ৰমিকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ শ্ৰমিক সকলক। ৮৫৫ জনৰো অধিক শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত স্থাপন হোৱা অসমৰ আবেগ জড়িত উদ্যোগত এতিয়া যেন মূল্য নাই গণতান্ত্ৰিক আন্দোলনৰ। প্ৰতিবাদৰ ভাষা বুজি নাপাই শোধনাগাৰ কৰ্তৃপক্ষই। যাৰবাবে উপায়বিহীন এতিয়া শ্ৰমিক।

ডেৰ মাহে নুমলীগড় তেল শোধনাগাৰৰ ছাত ডাউন(আৰটিএ)ত কৰ্মৰত শ্ৰমিকক বৰ্তমানেও আদায় দিয়া নাই মজুৰি। কাম কৰাৰ সময় অতিক্ৰম কৰাৰ পাছতো নিজৰ প্ৰাপ্য আদায় নোপোৱাত ক্ষুব্ধ হৈ পৰিছে শ্ৰমিকসকল। নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নৰ নেতৃত্বত মুখ্যদ্বাৰত দ্বাৰসভাৰ কাৰ্যসূচী ৰূপায়ন কৰি শ্ৰমিক সকলে ক্ষোভ উজাৰে। শীঘ্ৰেই প্ৰাপ্য মজুৰি আদায় নিদিলে অনাগত দিনত শোধনাগাৰ বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে শ্ৰমিকসকলে।