গোলাঘাট

নুমলীগড় ৰিফাইনেৰী মুখ্যদ্বাৰত প্ৰতিবাদী দ্বাৰসভা শ্ৰমিকৰ...

নুমলীগড়ৰ "অসম বায়' ৰিফাইনেৰী প্ৰাইভেট লিমিটেড"ৰ মুখ্যদ্বাৰত দ্বাৰসভা। শ্ৰমিক শোষণৰ বিৰুদ্ধে তথা ন্যায্য প্ৰাপ্যৰ দাবীত উত্তাল প্ৰৱেশদ্বাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড়ৰ "অসম বায়' ৰিফাইনেৰী প্ৰাইভেট লিমিটেড"ৰ মুখ্যদ্বাৰত দ্বাৰসভা। শ্ৰমিক শোষণৰ বিৰুদ্ধে তথা ন্যায্য প্ৰাপ্যৰ দাবীত প্ৰতিবাদ শ্ৰমিকৰ। "আসাম বায়' ৰিফাইনেৰী কন্ট্ৰেকচুৱেল কনষ্ট্ৰাকচন ৱকাৰ্চ ইউনিয়নৰ" উদ্যোগত শ্ৰমিকৰ ন্যায্য প্ৰাপ্যৰ দাবীত এই দ্বাৰসভা শ্ৰমিকৰ।

শ্ৰমিকৰ অভিযোগ বায়' ৰিফাইনেৰীত শ্ৰমিকসকলে প্ৰাপ্য মজুৰি যিদৰে লাভ কৰিব‌ লাগে তেনেধৰণে লাভ কৰা নাই। ইয়াৰোপৰি শ্ৰমিকৰ বিভিন্ন দাবীৰ ক্ষেত্ৰতো বায়' ৰিফাইনেৰী কৰ্তৃপক্ষৰ পৰা বিশেষ সুফল নোপোৱাৰ অভিযোগ। সেয়েহে শ্ৰমিক সংগঠনে ইতিমধ্যে লেবাৰ কমিচনাৰলৈ পত্ৰ প্ৰেৰণ কৰি বিষয়টিৰ সন্দৰ্ভত এটা সু-মীমাংসা হোৱাৰ কামনা কৰিছে।

ইয়াৰ পিছতো যদি শ্ৰমিকৰ ন্যায্য প্ৰাপ্য আদায় নহয় শ্ৰমিকে শীঘ্ৰেই আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জনাইছে।