গোলাঘাট

উকা কেনভাচত ৰং বুলাই চিত্ৰশিল্পীয়ে জীপাল কৰে কাজিৰঙাৰ পৰিৱেশ

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙাঃ উকা কেনভাচত ৰং বুলাই বৃহস্পতিবাৰে কাজিৰঙাৰ আকাশ-বতাহ জিলিকাই তুলিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ডেৰকুৰি চিত্ৰশিল্পীয়ে ৷ বাটৰ কেনভাচ, অসম নামৰ সংগঠনটোৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কাজিৰঙা অধ্যয়ন চক্ৰই অনুষ্ঠিত কৰা চিত্ৰ অংকণৰ অনুষ্ঠান 'বাটৰ কেনভাচ'ত আজি উজ্বলি উঠে কাজিৰঙাৰ পৰিৱেশ ৷

উল্লেখ্য যে কাজিৰঙাৰ কঁহৰা চাৰিআলিৰ ৰাইন’ৰিকা ৰেষ্টুৰেণ্টৰ সন্মুখৰ মুকলি স্থানৰ ৰাজপথৰ দাঁতিত আজি পুৱা আৰম্ভ হয় চিত্ৰ অংকণৰ অনুষ্ঠান বাটৰ কেনভাচ ৷ কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই আঁত ধৰে বাটৰ কেনভাচৰ কাৰ্যসূচীৰ। অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে আৰম্ভ কৰে অনুষ্ঠানত অংশ লোৱা গুৱাহাটী নিৱাসী জ্যেষ্ঠ চিত্ৰশিল্পী, বন্যপ্ৰাণী বিষয়ক তথ্যচিত্ৰ নিৰ্মাতা জ্যোতি প্ৰসাদ দাস, কাজিৰঙা নিৱাসী চিত্ৰশিল্পী তৰুণ গগৈ, বাটৰ কেনভাচ, অসমৰ কেন্দ্ৰীয় উপদেষ্টা শান্তি ৰাজখোৱা আৰু যুৱ পৰ্যটন ব্যৱসায়ী বিমল শৰ্মাই ৷

ইয়াৰ পাছতেই বাটৰ কেনভাচ, অসমৰ কেন্দ্ৰীয় সম্পাদক তথা চিত্ৰশিল্পী দ্বীপন দিহিঙীয়াই শুভেচ্ছামূলক বক্তব্যৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷ অনুষ্ঠানত শিৱসাগৰৰ পৰা আহি অংশগ্ৰহণ কৰে চিত্ৰশিল্পী জুৰি সন্দিকৈ গগৈ, তেজপুৰৰ ৰাজেশ সৰকাৰ, অলকা শৰ্মা, বাপধন কলিতা, মণিমালা বৰা, সৌমিত্র দত্ত, কলিয়াবৰৰ যোগিন্দ্ৰ সিং, আদিত্য সিং, বঙাইগাঁৱৰ ৰাণা মণ্ডল, প্ৰশান্ত দেৱ সিংহ, সৌৰভ মল্লিক, নুমলীগড়ৰ বিৰাজ বৰা, অৱসৰপ্ৰাপ্ত বনবিষয়া তথা কাজিৰঙা নিৱাসী চিত্ৰশিল্পী চিন্ময় ধৰকে ধৰি ৰাজ্যৰ প্ৰায় ডেৰকুৰি চিত্ৰশিল্পীয়ে ৷

অনুষ্ঠানত ধ্ৰুৱজ্যোতি সাহাৰ সম্পাদনাত 'সোণালী জয়ন্তী বৰ্ষ গৰকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাটৰ কেনভাচ' নামৰ এখন গ্ৰন্থ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা কবি উৎপল দলেই। দলেই নিজৰ বক্তব্যত কয় যে, বাটৰ কেনভাচ আৰু কাজিৰঙা অধ্যয়ন চক্ৰ অসমৰ জনগণৰ এক চিনাকি নাম ৷

সমাজলৈ এক সুস্থ বাতাৱৰণ অনাৰ ক্ষেত্ৰত এই দুই সংগঠনে বিভিন্ন সময়ত লোৱা কাৰ্যপন্থা সকলোৰে বাবে আদৰণীয় বুলি উল্লেখ কৰে ৷ তেওঁ কয় যে, বাটৰ কেনভাচ, অসম কেৱল ৰাজ্যখনৰে নহয়, দেশৰে এটা চিনাকি নাম ৷

বিভিন্ন প্ৰান্তৰ কিছু সংখ্যক চিত্ৰশিল্পী তথা একাংশ সুস্থ চিন্তাৰ মানুহৰ প্ৰচেষ্টাত আজিও জীপাল হৈ থকা অনুষ্ঠানটি এনেকৈয়ে আগবাঢ়ি যোৱাৰ কামনা কৰে ৷ আজি চিত্ৰশিল্পীসকলে উকা কেনভাচত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা প্ৰাকৃতিক দৃশ্যৰ মাজত গঁড়, ফাগুনত মদাৰ গছত ফুলি থকা ৰঙচুৱা মদাৰ ফুলৰ সমাহাৰ, ম'হৰ পিঠিত উঠি গৰখীয়াৰ চহা জীৱনৰ দৃশ্যকে ধৰি বহু মন চুই যোৱা দৃশ্য অংকন কৰে।

অনুষ্ঠানত ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি বিভিন্ন স্বনামধন্য শিল্পীৰ আপুৰুগীয়া গীতৰ মধুৰ গীত বাজি থকা মুকলি আকাশৰ তলত চিত্ৰশিল্পীৰ চিত্ৰ অংকণ কৰা দৃশ্য দেখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ-বিদেশৰ পৰ্যটকো আপ্লুত হৈ পৰা দেখা যায় ৷ লক্ষণীয়ভাৱে অহা ৮ মাৰ্চত কাজিৰঙাত উপস্থিত হ’বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অহাৰ প্ৰাকক্ষণত কাজিৰঙাৰ কেন্দ্ৰস্থল কহঁৰা চাৰিআলিত আজি প্ৰায় ডেৰকুৰি চিত্ৰকৰে কেনভাচত ৰং বুলাই বিভিন্ন চিত্ৰ অংকণ কৰি সকলোকে আকৰ্ষিত কৰি তোলে ৷

অনুষ্ঠানত গোলাঘাটৰ উপ-আৰক্ষী অধীক্ষকদ্বয় মৌচুমী চক্ৰৱৰ্তী, মানবেন্দ্ৰ দাস, বনবিষয়া বিভূতি ৰঞ্জন গগৈ, কাজিৰঙাৰ সাংবাদিক স্বপন নাথ, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সম্পাদক ৰঞ্জিত ৰজক, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জিনু ৰাজখোৱা, অৱসৰপ্ৰাপ্ত বিষয়া ৰমেন শৰ্মা, বিশিষ্ট ব্যৱসায়ী জয়ন্ত গগৈ, কাজিৰঙা হোটেল এণ্ড ৰিজৰ্ট এচচিয়েছনৰ সভাপতি ফটিক বৰা, কবি ভাস্কৰ ফুকন, আৰক্ষী বিষয়া পৱন কলিতা, সমাজকৰ্মী বিপন গগৈ, সাংবাদিক বিতোপন মাজি, ইমৰাণ আলী, মনোজ প্ৰতিম শইকীয়া, কিষণ ছেত্ৰী, বঁটাপ্ৰাপক উদ্যোগী মহিলা পল্লৱী দাস, উদ্যোগী কিশোৰ কুমাৰ হালৈ, কবি জীনা গগৈ, পৰী গগৈ আদি উপস্থিত থাকে ৷ তদুপৰি, কাজিৰঙা অধ্যয়ন চক্ৰৰ সমন্বয়ক ইন্দুপৱন শইকীয়া, যতীন কলিতা, নিতুল বাউৰী, মৃণ্ময় শইকীয়া, তেজাপ ছেত্ৰী, মনোৰম তাছা, মঞ্জিত বৰুৱা, উজ্জ্বল চৌধুৰী, বিটু দত্ত আদি উপস্থিত থাকে ৷