মন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাতত বাৰীৰ বাঁহেৰে দলং নিৰ্মাণ কৰিলে ৰাইজে... 
গোলাঘাট

মন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাতত বাৰীৰ বাঁহেৰে দলং নিৰ্মাণ কৰিলে ৰাইজে...

Asomiya Pratidin

ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাত বিধান সভা সমষ্টিৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই নিজ সমষ্টিৰ গ্ৰাম্য উন্নয়নত অধিক মনোনিবেশ কৰিছো বুলি সভায়ে, সমিতিয়ে ফুলজাৰি মাৰিলেও ইয়াৰ এক ওলোটা ছবি এখনহে গ্ৰামাঞ্চলসমূহত দেখা পোৱা যায়। তেনে এখন ছবিয়েই দেখা গ'ল সমষ্টিটোৰ দিচৈ পঞ্চায়তৰ এলেংমাৰি গাঁৱত।

সূচল যাতায়তৰ বাবে এখন স্থায়ী দলঙৰ বাবে গাঁওবাসীয়ে দীৰ্ঘদিনৰ পৰা দাবী কৰিও মন্ত্ৰী অতুল বৰাৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰি অৱশেষত ৰাজহুৱা শ্ৰম দানেৰে নিৰ্মান কৰিলে দলঙখন। দিচৈ পঞ্চায়তৰ ১নং ৱাৰ্ডৰ মাজত এলেংমাৰি জানৰ ওপৰত এখন স্থায়ী দলঙৰ অভাৱত ভীষণ সমস্যাত ভোগী আছে কৃষি প্ৰধান অঞ্চলটোৰ ৰাইজ।

বাৰিষা আহিলেই ওফন্দি পৰা উক্ত এলেংমাৰী জানত এখন দলঙৰ অভাৱৰ বাবেই টাজং কুটুম মধ্য ইংৰাজী বিদ্যালয়লৈ যাতায়ত কৰা ছাত্ৰ-ছাত্ৰীসকলে ভোগী আহিছিল চৰম যন্ত্ৰণা। আনহাতে বিস্তীৰ্ণ কৃষি পথাৰলৈও এই জানটোৰ ওপৰেদিয়েই যাতায়ত কৰিবলগীয়া হোৱাৰ বাবেও এক প্ৰকাৰ যমৰ যাতনা ভোগী আহিছিল অঞ্চলটোৰ কৃষক, ৰাইজে।

এই ক্ষেত্ৰত গাম্য উন্নয়নৰ জয়গান গোৱা মন্ত্ৰী অতুল বৰাৰ ওচৰত একাধিকবাৰ দাবী জনোৱাৰ পাছতো ফল নধৰাত মঙলবাৰে জীপাল কৃষক শ্ৰমিক সংঘৰ উদ্যোগত স্থানীয় ৰাইজ আৰু সমাজ কৰ্মী অভি কুটুমৰ সহযোগত নিজৰ বাৰীৰ বাঁহেৰে নিৰ্মাণ কৰি উলিয়ালে ২০০ মিটাৰ দৈৰ্ঘৰ বাঁহৰ দলঙখন।

ইফালে ৰাজহুৱা শ্ৰমদানেৰে দলঙখন নিৰ্মাণ কৰা ৰাইজৰ এগৰাকী প্ৰতিনিধিয়ে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় - "সমষ্টিটোত এজন কেবিনেট মন্ত্ৰী থকাৰ পাছতো আমি বাৰীৰ বাঁহেৰে গাঁঠীৰ ধন ভাঙি দলং বনাইছো আৰু এই শ্ৰমদানক মন্ত্ৰী গৰাকীয়ে কৰা বঞ্চনাৰ প্ৰত্যুত্তৰ বুলিয়েই ধৰিছো। এই বঞ্চনাৰ ফলো ২০২৬ ৰ বিধান সভা নিৰ্বাচনত ভোগীব লগীয়া হ'ব মন্ত্ৰী গৰাকীয়ে"।