আজিৰে পৰা কাজিৰঙাত হ'ব স্থায়ী আৰু জলচৰ পক্ষী গণনা... 
গোলাঘাট

আজিৰে পৰা কাজিৰঙাত হ'ব স্থায়ী আৰু জলচৰ পক্ষী গণনা...

Asomiya Pratidin

ডিজিটেল সংবাদ কাজিৰঙাঃ নতুন বছৰত ন পৰিকল্পনাৰে সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ।সংবাদ মাধ্যমত নতুন বছৰৰ পৰিকল্পনা সদৰী কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক ড০ সোণালী ঘোষে ক'লে ২০২৪ বৰ্ষটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে হ'ব বিশেষ তাৎপৰ্যপূৰ্ণ।

বছৰৰ প্ৰথমতেই অৰ্থাৎ মঙ্গলবাৰে আৰু বুধবাৰে কাজিৰঙাত অনুষ্ঠিত হ'ব পক্ষী গণনা আৰু উৎসৱ।এই উৎসৱত স্থায়ী আৰু জলচৰ পক্ষীৰ প্ৰণালীবদ্ধ আৰু বিজ্ঞানসন্মত গণনা কাৰ্য অনুষ্ঠিত হ'ব।

পঞ্চমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই পক্ষী গণনাক লৈ উৎসাহী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ।বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মুখ্য অতিথিহিচাপে উপস্থিত থাকিব এই উৎসৱত।

বছৰৰ প্ৰথম ভাগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অধীনৰ লাওখোৱা বুঢ়াচাপৰীত ৪০ বছৰৰ পিছত গঁড়ৰ অৱস্থিতি এক ভাল খবৰ বুলি অভিহিত কৰিছে সঞ্চালক ড০ সোণালী ঘোষে।

ইপিনে এইবৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ'ব পাৰে বনৰীয়া ম'হৰ গণনা। ২০০৭ চনত গণনাৰ পিছত বৰ্তমানলৈ হোৱা নাই ম'হৰ গণনা। ম'হৰ গণনাই বহু নতুন তথ্য পোহৰলৈ আনিব বুলি প্ৰকাশ কৰে সঞ্চালকগৰাকীয়ে।

আনহাতে কলিয়াবৰৰ নদী পৰ্যটন, বিশ্বনাথ, পানপুৰক লৈ গ্ৰেটাৰ কাজিৰঙা টুৰিজ্যিমৰ এইবাৰ বিশেষ পৰিকল্পনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ।ইয়াৰে অংশস্বৰূপে বিশ্বনাথৰ পানপুৰত হাতী চাফাৰী মুকলিৰ ব্যৱস্থা কৰাৰ কথা সদৰী কৰে ড০ সোণালী ঘোষে।

উল্লেখ্যে যে, বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা আৰু বাগৰী বনাঞ্চলতে সৰ্বাধিক পৰ্যটকে ভিৰ কৰে। ফলত বন্যপ্ৰাণীৰ বাবেও বহু সময়ত ই ক্ষতিকাৰণ হিচাপে পৰিগণিত হয়।

অত্যধিক জীপচী গাড়ী প্ৰৱেশ কৰাত গঁড়, হাতী আদি বন্যপ্ৰাণীয়ে কেতিয়াবা খঙাল ৰূপ ধাৰণ কৰে। এনে পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ কাজিৰঙাৰ বুঢ়াপাহাৰ আৰু অগৰাতলী বনাঞ্চলো পৰ্যটকৰ বাবে সমানেই অগ্ৰাধিকাৰ দি পৰ্যটকক আকৰ্ষণ কৰিবলৈ পৰিকল্পনা প্ৰস্তুত কৰিছে উদ্যান কৰ্তৃপক্ষই।

এইবছৰ জীপচীৰ অনলাইন বুকিং ব্যৱস্থা সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ'ব বুলি সদৰী কৰে সঞ্চালকগৰাকীয়ে।তেও কয় কাজিৰঙাত বাঘৰ দৰ্শনে এইবাৰ পৰ্যটকক অধিক আকৰ্ষিত কৰিব।

শেহতীয়া গণনাত বৰ্তমান কাজিৰঙাত ১০৪ টা ঢেকীয়াপতীয়া বাঘ থকাৰ কথা উল্লেখ কৰে। লগতে কাজিৰঙাৰ বান্দৰডুবি,দেওপানী, কাঞ্চনজুৰী আদি এলেকাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰাই পথাচাৰী তথা বহু পৰ্যটকে কাজিৰঙাৰ বন্যজীৱ দৰ্শন কৰিব পাৰে যি এক সুন্দৰ পৰিবেশৰ সূচনা কৰিছে বুলি তেওঁ কয়।