গোলাঘাট

উৰণপখী ভৱন আঠখেলীয়াত প্ৰাক্‌-বিদ্যালয় শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাট : অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ নুনমাটি,গুৱাহাটীৰ সৌজন্যত আৰু গোলাঘাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত প্ৰাক্‌-বিদ্যালয় শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উৰণপখী ভৱনত আয়োজিত দুদিনীয়া প্ৰাক্‌-বিদ্যালয় শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী ২০২৩-২০২৪ অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী জুৰি গোস্বামী আৰু অলকা গোস্বামী।

তেওঁলোকে শিক্ষকসকলক মাকৰ কোলাৰ পৰা ৩বছৰ বয়সত বিদ্যালয়লৈ অহা কণ কণ শিক্ষাৰ্থীসকলক কেনেদৰে শিক্ষা আগবঢ়াব লাগে ইয়াৰ সম্পৰ্কে প্ৰশিক্ষণ আগবঢ়ায়। প্ৰশিক্ষণ শিবিৰত গোলাঘাট জিলাৰ ৫৪খন জাতীয় বিদ্যালয়ৰ ভিতৰত ৪২খন বিদ্যালয়ৰ ৬০জন শিক্ষক উপস্থিত থাকে।

ইয়াৰোপৰি গোলাঘাট জিলা জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি পল্লৱ বৰবৰা, সম্পাদক সঞ্জীৱ চাৰিঙীয়া,সদস্যদ্বয়-জিতেন বৰুৱা, জিতেন বৰা উপস্থিত থাকে।