গোলাঘাট

চেপেনাকোবোৱা ৰাজহুৱা নাট্য মন্দিৰত ৰাসৰ প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙা : শ্ৰীকৃষ্ণৰ ৰাসলীলালৈ মাজত মাথো কেইটামান দিন বাকী ৷ ইতিমধ্যে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবেসিত হৈছে অসমৰ ভিন্ন প্ৰান্ত ৷ এনে সময়তে গোপবালক- গোপীৰ নৃত্যৰে মুখৰিত হৈ উঠিছে কাজিৰঙাৰ চেপেনাকোবোৱা গাওঁ ৷

শ্ৰীকৃষ্ণৰ বন্দনাৰে গোপী-গোপ বালকসকলে নিজকে বিলীন কৰি তুলিছে নৃত্যৰ মাজত। চেপেনাকোবোৱাবাসী ৰাইজৰ উদ্যোগত,নৱজ্যোতি শিল্পী সমাজ আৰু বৃহত্তৰ কাজিৰঙাবাসী ৰাইজৰ সহযোগত চেপেনাকোবোৱা ৰাজহুৱা নাট্য মন্দিৰত অহা ২৮,২৯ নৱেম্বৰত অনুষ্ঠিত হ'ব শ্ৰী কৃষ্ণৰ ৰাসযাত্ৰা ৷

দুদিনীয়াকৈ আয়োজন কৰা এই শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱত অংশগ্ৰহণ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ অহা পৰ্যটকসকল ৷ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে কাজিৰঙাৰ আকাশ বতাহ ৷ শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসৰ লগতে কেইবাটাও প্ৰতিযোগিতা অনুষ্ঠিত কৰিব উদ্যোক্তাসকলে ৷