গোলাঘাট

২০২৩-২৪ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী মুকলি কৰাৰ প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙা : যোৱা ১৫ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে জীপ ছাফাৰী মুকলি কৰিছিল। ইয়াৰ পাছত পহিলা নৱেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০২৩-২৪ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী মুকলি কৰাৰ প্ৰস্তুতি চলাইছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

অৱশ্যে সেয়া নিৰ্ভৰ কৰিছে হাতী ছাফাৰীৰ পথ সুচল হোৱাৰ ওপৰত ৷ এই কথা প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোনালি ঘোষে ৷ একেদিনাই মুকলি কৰা হ’ব কহঁৰা বনাঞ্চলৰ বিভাগীয় হাতী ছাফাৰীৰ লগতে বাগৰিৰ ব্যক্তিগত হাতী ছাফাৰী ৷

ইতিমধ্যে হাতী ছাফাৰীৰ বাবে সাজু কৰা হৈছে হাতীৰ গাদীসমূহ ৷ আনহাতে চলিত পৰ্যটন বৰ্ষত লাওখোৱা বুঢ়াচাপৰিৰ লগতে বিশ্বনাথটো পৰ্যটকৰ বাবে উপলব্ধ হ’ব হাতী ছাফাৰী ৷ কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰসাৰৰ বাবে কৰা হৈছে এই নতুন পৰিকল্পনা ৷