গোলাঘাট

কাজিৰঙাৰ সুৰক্ষাক লৈ ল'ৰা-ধেমালী : বিনাবাধাই উদ্যানৰ ভিতৰত সোমাল ব্যক্তিগত বাহন

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ সুৰক্ষাক লৈ ল'ৰা-ধেমালী৷ ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা বেষ্টনীক ভেঙুচালী কৰি ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগলৈ প্ৰৱেশ কৰিলে ব্যক্তিগত বাহন। ডেপুটি ৰেঞ্জাৰসহ ৫জন বনকৰ্মী নিয়োজিত হৈ থকা কহঁৰা বনাঞ্চলৰ মূল প্ৰৱেশদ্বাৰেদি কাজিৰঙাৰ অৰ্ন্তভাগলৈ প্ৰৱেশ কৰিলে এখন ব্যক্তিগত বাহনে ৷

দেওবাৰে অনুষ্ঠিত হ'বলগীয়া "ৰাণ ফৰ ৰাইন" শীৰ্ষক দৌৰ প্ৰতিযোগিতাত অংশ ল'বলৈ অহা গুৱাহাটীৰ ২ যুৱকে দৌৰ প্ৰতিযোগিতাৰ পথ দৰ্শনৰ বাবে যাওতে পথভ্ৰষ্ট হৈ সোমাই যায় উদ্যানৰ অৰ্ন্তভাগত ৷

উল্লেখ্য যে, ৰাষ্ট্ৰীয় উদ্যানৰ মূল প্ৰৱেশদ্বাৰত কোনো এজন বনকৰ্মীয়ে বাধা দিয়া নাই বুলি উল্লেখ কৰে যুৱকদ্বয়ে ৷ ভুলক্ৰমে উদ্যানৰ ভিতৰলৈ কিছুদুৰ যোৱাৰ পাছত ৰৈ যোৱাত উদ্যান কৰ্তৃপক্ষই উভতাই আনে যুৱক দুজনক ৷

বৰ্তমান উদ্যান কৰ্তৃপক্ষই বাহনখন জব্দ কৰাৰ লগতে যুৱকদ্বয়ক সোধপোছ অব্যাহত ৰাখিছে ৷ প্ৰশ্ন হৈছে ৫জনকৈ বনকৰ্মী কৰ্তব্যত থকাৰ পাছতো কেনেদৰে কাজিৰঙাৰ অৰ্ন্তভাগলৈ প্ৰৱেশ কৰিব পাৰিলে ব্যক্তিগত বাহন ৷ ইফালে নিজৰ ভুল ঢাকিবলৈ সাংবাদিকৰ পৰা আতঁৰি থাকে কৰ্তব্যৰত ডেপুতি ৰেঞ্জাৰ ৷