গোলাঘাট

কঠাঁলগুৰি কেন্দ্ৰীয় উন্নয়ন খণ্ড কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাট : খুমটাইৰ কঠাঁলগুৰিৰ কেন্দ্ৰীয় উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ । কৰুনাটিং বাগিছাৰ শ শ শ্ৰমিকে সাব্যস্ত কৰে এই প্ৰতিবাদ।

বৃটিছৰ দিনৰ পৰাই বাগিচাখনত থকা ৰাজহুৱা শ্মশানখনৰ মাটি এটা পৰিয়ালৰ নামত ম্যাদীপট্টা হোৱাৰ বিৰোধিতাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ অবৈধভাৱে ৰাজহুৱা সম্পত্তিৰ মাটি এটা পৰিয়ালৰ নামত ম্যাদী কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ।

শ্মশানস্থলীত পঞ্চায়তৰ আঁচনিৰ নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাত পৰিয়ালৰটোৰ অভিযোগৰ ভিত্তিত কাম এসপ্তাহৰ বাবে স্থগিত কৰাৰ নিৰ্দেশ দিছিল কঠাঁলগুৰি উন্নয়ন খণ্ডৰ বিষয়াগৰাকীয়ে আৰু ইয়াৰ বাবেই একাংশ লোকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বুলি জানিবলৈ দিয়ে।

প্ৰতিবাদকাৰীসকলে কোনো কাৰণতে মাটি বেলেগৰ নামত এৰি দিয়া নহ'ব, মণ্ডলৰ দুৰ্নীতি নচলিব আদি বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। শীঘ্ৰে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ ৷ অনাগত দিনত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।