হাতী মানুহৰ সংঘাত নিৰাময়ৰ উদ্দেশ্যে খুমটাইৰ আৱৰঘাটত বিশেষ ৰাজহুৱা সভা... 
গোলাঘাট

হাতী মানুহৰ সংঘাত নিৰাময়ৰ উদ্দেশ্যে খুমটাইৰ আৱৰঘাটত বিশেষ ৰাজহুৱা সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ গোলাঘাটঃ নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত গোলাঘাট জিলাৰ মৰঙী আৰু খুমটাইৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ জাকে ধনশিৰি উপত্যকাত ত্ৰাসৰ সৃষ্টি কৰি অহাৰ ফলত দিনক দিনে হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হৈ আহিছে। হাতী মানুহৰ সংঘাতে বৰ্তমান ধনিশিৰি উপত্যকাৰ এক বৃহৎ সমস্যা হিচাপে দেখা দিছে ।

সৰুপথাৰ আৰু খুমটাই সমষ্টিৰ মৰঙী, চিনাতলী, শাওঁতলী আদি অঞ্চলত বন্যহস্তীৰ সন্ত্ৰাসত ৰাইজে ত্ৰাহি মধুসূদন সোঁৱৰি আহিছে। এই সমস্যাৰ এক যোগাত্মক সমাধানৰ উদ্দেশ্যে আগত ৰাখি গোলাঘাটৰ ধনশিৰি নদীৰ আৱৰঘাটত আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ আহ্বানত এক জন সভা অনুষ্ঠিত হয়।

এই সভাত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু অৰণ্য মানৱ যাদৱ পায়েঙৰ লগতে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া, খুমটাই উপ-জিলাৰ উপ-আয়ুক্ত আৰু গোলাঘাট জিলা বন বিষয়া উপস্থিত থাকে।

সভাখনত হাতী মানুহৰ সংঘাত অন্ত পেলোৱাৰ বাবে উপস্থিত ৰাইজৰ লগত আলোচনা কৰি গোলাঘাট বন বিভাগক এই সমস্যা দূৰীকৰণৰ বাবে এটা প্ৰকল্পৰ প্ৰাক-কলন প্ৰস্তুত কৰি এমাহৰ ভিতৰত দাখিল কৰিবলৈ আহ্বান জনোৱা হয়।