ডিজিটেল সংবাদ গোলাঘাটঃ ঐতিহাসিকভাবে গুৰুত্বপূৰ্ণ মৰঙিক এটা স্বতন্ত্ৰ সমষ্টিৰ মৰ্যাদা দিবলৈ চৰকাৰ তথা নিৰ্বাচন আয়োগক আজি অনুষ্ঠিত এক ৰাজহুৱা সভাই আহ্বান জনায়৷ মৰঙি উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সমাজকৰ্মী ইমৰান হুছেইনৰ সঞ্চালনাত আৰু মৰঙি প্ৰেছ ক্লাবৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক হেমন্ত শইকীয়াই আঁতধৰা সভাখনত কছাৰী আৰু আহোমৰ ইতিহাসত আলোকপাত কৰে সমাজকৰ্মী মুনিন বৰদলৈয়ে৷
তেওঁ কয় যে, আহোমৰ ৰাজ্য পৰিচালনাৰ তিনিটা বিশেষ অঞ্চলৰ এটা মৰঙিৰ ইতিহাস সদায় অৱহেলিত হৈ আহিছে৷ স্বৰ্গদেউ চুহংমুঙে তুৰ্বাক বৰচেতিয়াক এই অঞ্চলৰ প্ৰতিনিধি নিয়োগ কৰি অঞ্চলটোত আহোম শাসনৰ অধীনলৈ আনিছিল৷
তুৰ্বাক বৰচেতিয়াই মৰঙিৰ প্ৰথম মৰঙিখোৱা গোঁহাই বুলি ইতিহাসৰ তথ্যই কয় বুলি বৰদলৈয়ে উল্লেখ কৰে৷ মৰঙি ৰাজহ চক্ৰই সামৰি লোৱা অঞ্চলৰ জনগাঁথনি আৰু ভোটাৰৰ তথ্য দাঙি ধৰি বক্তব্য ৰাখে সমাজকৰ্মী তথা শ্ৰমিক নেতা ধ্ৰুৱজ্যোতি বৰাই৷
তেওঁ কয় যে, নতুনকৈ সীমা নিৰ্ধাৰিত খুমটাই সমষ্টিত গোলাঘাট চেণ্ট্ৰেল ডেভেলপমেণ্ট ব্লক, দক্ষিণ হেঙ্গেৰা, গুৰযোগনীয়া, শেনচোৱা আদি বিভিন্ন ঠাই অন্তৰ্ভুক্ত কৰা হৈছে যদিও প্ৰস্তাৱিত সমষ্টিটোৰ কেৱল মৰঙি ৰাজহ চক্ৰৰে প্ৰায় ৫৪ শতাংশ ভোটাৰ৷ প্ৰস্তাৱিত নতুন খুমটাই সমষ্টিৰ মৰঙিৰ ৭১৯৩১ ভোটাৰৰ বিপৰীতে বাকী খুমটাইৰ সকলো অঞ্চলৰ মুঠ ভোটাৰৰ সংখ্যা ৬১৮০৬ জন৷
সভাত সমাজকৰ্মী ডা° বীৰেন চন্দ্ৰ গগৈ, অজিত গোস্বামী, দয়াল বেজবৰুৱা, তপন চন্দ্ৰ বৰদলৈ, ভাৰ্গৱ শইকীয়া, মানস শৰ্মা আদি বিশিষ্ট ব্যক্তিসকলেও বক্তব্য ৰাখে৷ সভাৰ অন্তত গৃহীত প্ৰস্তাৱত উল্লেখ কৰা হৈছে যে তৎকালীনভাবে মৰঙিক স্বতন্ত্ৰ সমষ্টিৰূপে স্বীকৃতি দিবলৈ কাৰিকৰী অসুবিধা হয়তো আহি পৰিব৷
কিন্তু পৰবৰ্তী সমষ্টি পুননিৰ্ধাৰণলৈকে প্ৰস্তাৱিত খুমটাই সমষ্টিক মৰঙি-খুমটাই হিচাপে নতুনকৈ নামকৰণৰ কৰিবলৈ আহ্বান জনায়৷ এই ৰাজহুৱা সভাতে মানস বৰদলৈক সভাপতি, হেমন্ত শইকীয়াক কাৰ্যকৰী সভাপতি, ধ্ৰুৱজ্যোতি বৰাক সাধাৰণ সম্পাদক আৰু ৰাণাজিৎ হাজৰিকাক সম্পাদক হিচাপে লৈ মৰঙি স্বতন্ত্ৰ বিধানসভা সমষ্টি দাবী সমিতি নামেৰে এখন সমিতি গঠন কৰিও অনাগত সময়ত মৰঙিৰ নামেৰে এটা বিধানসভা সমষ্টি গঠনৰ বিষয়টো আগবঢ়াই লৈ যাবলৈ সংকল্প লোৱা হয়৷
উল্লেখ কৰিব পাৰি যে, ১৯৫৭ চন আৰু ১৯৬২ চনৰ নিৰ্বাচনত মৰঙি এক স্বতন্ত্ৰ সমষ্টি আছিল যদিও পাছৰ সময়ত মৰঙি ৰাজহ চক্ৰক সৰুপথাৰ বিধানসভা সমষ্টিৰ সৈতে চামিল কৰা হয়৷ পৰবৰ্তী সময়ত মৰঙি ৰাজহ চক্ৰ সৰুপথাৰ বিধানসভা সমষ্টিৰে এটা অংশ হিচাপে পৰিগণিত হৈ আহিল৷
সেয়ে পৰবৰ্তী সময়ত মৰঙিক এক সুকীয়া বিধানসভা সমষ্টি গঠনৰ দাবী জনোৱাৰ লগতে প্ৰস্তাৱিত সমষ্টি পুনৰনিৰ্ধাৰণত কেৱল খুমটাই সমষ্টিৰ পৰিবৰ্তে মৰঙি-খুমটাই বিধানসভা সমষ্টি নামাকৰণৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগক দাবী জনাই ৰাজহুৱা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷