গোলাঘাট

কাজিৰঙাত ৰ'জলীনা তিৰ্কীৰ নিৰ্বাচনী প্ৰচাৰ...

Asomiya Pratidin

ডিজিটেল সেৱা, কঠীয়াতলীঃ ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ চুকে-কোণে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীয়ে৷ গীতৰ তালে তালে ঝুমুৰ নাচি নিৰ্বাচনী প্ৰচাৰ চলালে ৰ'জলীনা তিৰ্কীয়ে৷ শুকুৰবাৰে নৱ গঠিত কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ৰাজা গাওঁ, বৰপথাৰ, শিঙিমাৰি, বকুলগুৰি, চিমলাই পথাৰত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷ বিৰোধী দলৰ দলপতিক লগত লৈ আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজৰ পৰা ভোট বিচাৰে প্ৰাৰ্থী গৰাকীয়ে ৷

বিজেপি দলক তীব্ৰ সমালোচনা কৰি ৰাইজক কংগ্ৰেছ দলক ভোট দিবলৈ আহ্বান জনায় বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই৷ আনহাতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত বিজেপি চৰকাৰক সমালোচনা কৰি বৰ্তমানৰ চৰকাৰখনৰ ভুৱা প্ৰতিশ্ৰুতিত ভুল নাযাবলৈ সকলোকে আহ্বান জনায়। এই নিৰ্বাচনী প্ৰচাৰ সভাতে শতাধিক অগপ বিজেপিৰ কৰ্মীয়ে কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে।