বোকাখাত জাতীয় বিদ্যালয়ত‌ সঁফুৰা বৃত্তি পৰীক্ষা ২০২৩-২৪ : ৩১৭ পৰীক্ষাৰ্থী অৱতীৰ্ণ 
গোলাঘাট

বোকাখাত জাতীয় বিদ্যালয়ত‌ সঁফুৰা বৃত্তি পৰীক্ষা ২০২৩-২৪ : ৩১৭ পৰীক্ষাৰ্থী অৱতীৰ্ণ

Asomiya Pratidin

ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাত উপ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বোকাখাত জাতীয় বিদ্যালয়ত প্ৰয়াস অধ্যয়ন চক্ৰ আৰু বোকাখাত জাতীয় বিদ্যালয়ৰ ব্যৱস্থাপনাত দেওবাৰে অনুষ্ঠিত হয় "সঁফুৰা" শিশু আলোচনীয়ে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা "সঁফুৰা বৃত্তি পৰীক্ষা ২০২৩-২৪"। বৃহত্তৰ বোকাখাত উপ জিলাক সামৰি অনুষ্ঠিত হোৱা এই পৰীক্ষাত অঞ্চলটোৰ ১১খন বিদ্যালয়ৰ মুঠ ৩১৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়।

"সঁফুৰা" শিশু আলোচনীৰ তৰফৰ পৰা মুখ্য পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে বিশিষ্ট কবি-সাংবাদিক মৃদুস্মৃতা শৰ্মা। উল্লেখযোগ্য যে "সঁফুৰা" শিশু আলোচনীৰ তৰফৰ পৰা সঁফুৰা বৃত্তি পৰীক্ষাৰ বাবে বোকাখাত জাতীয় বিদ্যালয়ক স্থায়ী কেন্দ্ৰ হিচাপে নিৰ্বাচন কৰিছে আলোচনীখনৰ কৰ্তৃপক্ষই।

ইয়াৰ উপৰিও প্ৰয়াস অধ্যয়ন চক্ৰৰ পৰিচালনাত থকা বোকাখাত জাতীয় বিদ্যালয়, ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয় আৰু মহুৰামুখ জাতীয় বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ বৌদ্ধিক কৰ্ষনৰ উদ্দেশ্য আগত ৰাখি নিয়মীয়াকৈ শিশু আলোচনীখন যোগান ধৰাৰ ব্যৱস্থা কৰিছে প্ৰয়াস অধ্যয়ন চক্ৰই।