বিজ্ঞানীড০ দীনেশ চন্দ্ৰ গোস্বামীক বঁটা প্ৰদান 
গোলাঘাট

বিশিষ্ট বিজ্ঞানী, সাহিত্যিক ড৹ দীনেশ চন্দ্ৰ গোস্বামীক ২৩ বৰ্ষৰ "গোলাঘাট জাতীয় বিদ্যালয়" বঁটা প্ৰদান

গোলাঘাটৰ এখনি আগশাৰীৰ শিক্ষানুষ্ঠান গোলাঘাট জাতীয় বিদ্যালয়ত বুধবাৰে অনুষ্ঠিত হয় এখনি গ্ৰাম্ভিয্যপূৰ্ণ সভা ৷ আজিৰ সভাত "গোলাঘাট জাতীয় বিদ্যালয়" বটাঁ ২০২৩ বিশিষ্ট বিজ্ঞানী তথা সাহিত্যিক ড০ দীনেশ চন্দ্ৰ গোস্বামীক প্ৰদান কৰা হয় ।

Asomiya Pratidin

প্ৰতিদিন সংবাদ, গোলাঘাটঃ গোলাঘাটৰ এখনি আগশাৰীৰ শিক্ষানুষ্ঠান গোলাঘাট জাতীয় বিদ্যালয়ত বুধবাৰে অনুষ্ঠিত হয় এখনি গ্ৰাম্ভিয্যপূৰ্ণ সভা ৷ আজিৰ সভাত "গোলাঘাট জাতীয় বিদ্যালয়" বটাঁ ২০২৩ বিশিষ্ট বিজ্ঞানী তথা সাহিত্যিক ড০ দীনেশ চন্দ্ৰ গোস্বামীক প্ৰদান কৰা হয় ।

স্মৰ্তব্য যে অসমীয়া মাধ্যমৰ অগ্ৰণী এই শিক্ষানুষ্ঠান খনে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা একোগৰাকী বিশিষ্ট ব্যক্তিক প্ৰতিবছৰে "গোলাঘাট জাতীয় বিদ্যালয়" বটাঁৰে সন্মানিত কৰি আহিছে । বিদ্যালয় খনৰ যোগেন-পূন্যপ্ৰভা প্ৰেক্ষাগৃহত বিদ্যালয়ৰ শৈক্ষিক ন্যাস সমিতিৰ সভাপতি ডাঃ অজিত বৰুৱাৰ সভাপতিত্বত অনুস্থিত হোৱা সভাত এই বটাঁ প্ৰদান কৰে শিক্ষানুষ্ঠান খনৰ পৰিয়ালৰ হৈ সভাপতি ডাঃ বৰুৱাই ।

এগৰাকী পদাৰ্থ বিজ্ঞানী হৈও নিৰলস সাধনাৰে অসমীয়া ভাষা সাহিত্যলৈ সেৱা আগবঢ়াই ৩৬ খনৰো অধিক গ্ৰন্থৰ লেখক ড; দীনেশ চন্দ্ৰ গোশ্বামীয়ে গোলাঘাট জাতীয় বিদ্যলয়ে আগবঢ়োৱা এই বটাঁ গ্ৰহণ কৰি কয় যে আজিৰ পৰা আৰু আমাৰ দায়িত্ব আৰু বাঢ়িল । আমি বিজ্ঞানৰ মানুহ, আপোনালোকে যি মৰম আৰু আদৰ আগবঢ়াইছে এয়া আগেয়ে ক'তো পোৱা নাছিলো ।

এতিয়া মই ৰোগাক্ৰান্ত হলেও পূৱা গধূলি কাম কৰি যোৱাৰ দায়িত্ব লৈছো । মই এগৰাকী সাধকহে বুলি উল্লেখ কৰি বিশিষ্ট সাহিত্যিক গৰাকীয়ে আৰু কয় মই এতিয়াও সাধনা কৰি আছো আৰু ১৯৯৯ চনৰ পৰা অসম বানীত নিয়মীয়াকৈ লিখি আহিছো ।

এগৰাকী বিশিষ্ট ভাষাবিদ ৰূপে পৰিচিত ডঃ গোস্বামীয়ে লগতে কয় শিক্ষা হৈছে ইঙ্গিতময়, সাধনাইহে এজন লোকক উচ্চ শিখৰলৈ আগুৱাই নিব পাৰে । বিশ্বৰ বৰেণ্য কেইবাগৰাকীও বিজ্ঞানীৰ সাধনাময় চমু জীৱন বৰ্ণনা আগবঢ়াই বিশিষ্ট সাহিত্যিক গৰাকীয়ে উল্লেখ কৰি লগতে কয় এই বিজ্ঞানী সকলৰ বন্ধু বান্ধৱ সকলে যেতিয়া নিশা শুৱে সেই সময়ত এই বিজ্ঞানী সকলে তেতিয়া সাফল্যৰ পাহাৰৰ শিখৰ বগাবলৈ সাধানা কৰে।

প্ৰেক্ষাগৃহত উপস্থিত ছাত্র ছাত্ৰী সকলক উদ্দেশ্য কৰি বিজ্ঞানী গৰাকীয়ে কয় বৰ্তমান সময়ত সাধনা কমি গৈছে ছাত্র-ছাত্ৰী সকলক সাধনা কৰিবলৈ আহ্বান জনাই সাহিত্যিক গৰাকীয়ে আৰু কয় যে সাধনাইহে ভাষা সাহিত্য ৰক্ষা কৰিব ।

বঁটা প্ৰদান কৰি সভাৰ সভাপতি ডাঃ অজিত বৰুৱাই কয় অসমীয়া ভাষা সাহিত্য ৰক্ষাৰ দায়িত্ব লৈছে অসম জাতীয় বিদ্যালয়ে । আমি আজি যি গৰাকী ব্যক্তিক এই বঁটা প্ৰদান কৰিছো সেই ব্যক্তি গৰাকীয়ে অসমীয়া ভাষা সাহিত্যৰ প্ৰতি নিৰলষ সেৱা আগবঢ়াই আহিছে ।

সভাত বিদ্যালয় খনৰ শৈক্ষিক ন্যাস সমিতিৰ উপ সভাপতি পৰশ বৰুৱা, সদস্য ডাঃ মানস ৰয়, চফিয়া হুছেইন, অমিয়া তামুলী, গোলাঘাট জিলা জাতীয় বিদ্যালয় সমন্বয় সমিতিৰ সভাপতি পল্লৱ বৰবৰা আৰু সম্পাদক সঞ্জীৱ চাৰিঙীয়া আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল ।

বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্র-ছাত্ৰীসকলে বিদ্যালয় গীত পৰিবেশনেৰে আৰম্ভ হোৱা সভা খনত আদৰণি ভাষণ দিয়ে অধ্যক্ষ স্মৃতিৰেখা বৰাই আৰু বঁটা প্ৰাপক বিশিষ্ট বিজ্ঞানী তথা সাহিত্যিক ডঃ দীনেশ চন্দ্ৰ গোশ্বামীৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰে উপাধ্যক্ষ বনশ্ৰী কাকতিয়ে ।

এই বঁটাত আছিল গামোচা, চেলেং চাদৰ, জাপি, বিদ্যালয়ৰ প্ৰতিক চিহ্ন, এখন প্ৰশস্তি পত্ৰ আৰু বিশ হাজাৰ টকাৰ এখন ড্ৰাফট । উল্লেখযোগ্য ইয়াৰ পূৰ্বে বিদ্যালয় খনে এই বটাঁ প্ৰদান কৰিছিল বিশিষ্ট সাহিত্যিক অৰূপা পটঙ্গীয়া কলিতাক ।

অন্যহাতে কালি বিদ্যালয় খনে আয়োজন কৰা গোলাঘাট জিলাৰ ৫৬ খন জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে " আমাৰ ভাষাটো শুদ্ধকৈ লিখো আৰু কও আহক" শীৰ্ষক এখন কৰ্মশালাত সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰিছিল ড; দীনেশ চন্দ্ৰ গোশ্বামীয়ে ।