শিশু শ্ৰমিকক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ উপ-পৰিদৰ্শক জয়ন্ত বৰাৰ লগতে পত্নী, বোৱাৰী... 
গোলাঘাট

শিশু শ্ৰমিকক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ উপ-পৰিদৰ্শক জয়ন্ত বৰাৰ লগতে পত্নী, বোৱাৰী...

Asomiya Pratidin
  • পুনৰ গ্ৰেপ্তাৰ হ'ল আৰক্ষীৰ আন এজন উপ-পৰিদৰ্শক।

  • এইবাৰ গ্ৰেপ্তাৰ হ'ল উপ-পৰিদৰ্শক জয়ন্ত বৰা।

  • জয়ন্ত বৰাৰ বিৰুদ্ধে উত্থাপিত হৈছিল শিশু শ্ৰমিকক শাৰীৰিক প্ৰহাৰৰ অভিযোগ।

  • নিজৰ বাসগৃহত শিশু শ্ৰমিক ৰখাৰ উপৰিও শিশু শ্ৰমিকৰ চুলি কাটি, শাৰীৰিক প্ৰহাৰ কৰি চলাইছিল নিৰ্যাতন।

  • ঘটনা সংক্ৰান্তত আৰক্ষী উপ-পৰিদৰ্শকগৰাকীৰ পত্নী বনশ্ৰী বৰা আৰু বোৱাৰী দীপশিখা শইকীয়াকো গ্ৰেপ্তাৰ আৰক্ষীৰ।

  • অৱশ্যে দুয়োগৰাকীকে আৰক্ষীয়ে জামিন পৰোৱানাত যাবলৈ দিয়ে।

  • প্ৰয়োজনত পুনৰ দুয়ো হাজিৰ হ'ব লাগিব বোকাখাত আৰক্ষী থানাত।

  • বৰ্তমানো পলাতক ঘটনাৰ মূল অভিযুক্ত তথা জয়ন্ত বৰাৰ খুলশালি বাবুল শইকীয়া।

  • বাবুল বৰাৰ বিৰুদ্ধে১০৬/২৩ নম্বৰত আই পি চিৰ ৩২৩/২২৬/৩৪ ধাৰাত গোচৰ ৰুজু।

  • ইয়াৰোপৰি শ্ৰমিক আইনৰ অধীনতো ৰুজু কৰা হৈছে গোচৰ।