বিশেষ সম্বৰ্ধনা সাহিত্য সভাৰ সভাপতি ড: সূৰ্যকান্ত হাজৰিকাক. 
গোলাঘাট

গোলাঘাটত বিশেষ সম্বৰ্ধনা সাহিত্য সভাৰ সভাপতি ড: সূৰ্যকান্ত হাজৰিকাক...

অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি পদ্মশ্ৰী ড: পদ্মশ্ৰী সূৰ্যকান্ত হাজৰিকাক শুকুৰবাৰে গোলাঘাটত বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । প্ৰথমে সভাপতি গৰাকীক গায়ন বায়নেৰে সভা গৃহলৈ আদৰি অনা হয়

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি পদ্মশ্ৰী ড: পদ্মশ্ৰী সূৰ্যকান্ত হাজৰিকাক শুকুৰবাৰে গোলাঘাটত বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । প্ৰথমে সভাপতি গৰাকীক গায়ন বায়নেৰে সভা গৃহলৈ আদৰি অনা হয় ।

গোলাঘাট জিলা সাহিত্য সভাৰ মূখ্য কাৰ্যালয় সাহিত্যচাৰ্য চৈয়দ আব্দুল মালিক স্মৃতি ভৱনত অনুস্থিত সভা খনৰ আৰম্ভণিতে সভাপতিগৰাকীয়ে কাৰ্যালয়ৰ বাকৰিত থকা সাহিত্যচাৰ্য চৈয়দ আব্দুল মালিকৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

সভাপতি গৰাকীক গোলাঘাট জিলা সাহিত্য সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ উপৰিও জিলা খনৰ শাখা সাহিত্য সভা সমূহৰ উপৰিও অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে সম্বৰ্ধনা জনায় ।

সভাপতি গৰাকীক গামোচা, চেলেং, কাৰ্বি গামোচা, শৰাই, সম্বৰ্ধনা পত্ৰ, জাপিয়ে সম্বৰ্ধনা জনায় গোলাঘাট জিলা সাহিত্য সভাই । সম্ভৰ্ধনা গ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড; সূৰ্যকান্ত হাজৰিকাই বক্তব্যত কয় আপোনালোকে মোক লৈ কৰা উলহ মালহ পৰিবেশে অসম সাহিত্য সভাক ধন্য আৰু গৰিমা বৃদ্ধি পাইছে ।

সাহিত্য সভাৰ সভাপতিৰ দৰে গুৰু ভাৰ গ্ৰহণ কৰি চিন্তা ভাৱনা আৰু অধ্যয়ন কৰি এই কথা মনলৈ আহিছিল যে আমাৰ অগ্ৰজ সকলৰ অৱদান আছিল ভাবিব নোৱৰা কথা ।

প্ৰয়াত প্ৰসন্নলাল চৌধুৰীৰ সভাপতিত্বত অনুস্থিত হোৱা অসম সাহিত্য সভাৰ গোলাঘাট অধিবেশনৰ স্মৃতি ৰোমন্থন কৰি সভাপতি গৰাকীয়ে কয় সেই মহান পৰিবেশৰ মাজেৰে আহি সাহিত্য সভা আজিৰ অৱস্থা পাইছছেহি ।

সাহিত্য সভাৰ সভাপতিৰ দায়িত্বলৈয়েই দুটা বছৰৰ কৰ্মসূচী নিৰূপণ কৰা হৈছে যদিও দুটা বছৰত এই কৰ্মসূচী ৰূপায়ণ কৰিব নোৱাৰি ।

বিশেষ সম্বৰ্ধনা সাহিত্য সভাৰ সভাপতি ড: সূৰ্যকান্ত হাজৰিকাক.

সভাপতি গৰাকীয়ে বক্তব্যত ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমীয়া ভাষা শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয়ৰ পৰা বিতাৰিত হোৱাৰ বিষয়ে স্মৰণ কৰি ভাষা পুনৰ ঘূৰাই অনা সকলৰ পূণ্যাত্মা সকলক শ্ৰদ্ধাৰে শ্ৰদ্ধা নিবেদন কৰে ।

সভাপতি গৰাকীয়ে ভাষণত সাহিত্য সভাই দুটা বিশেষ কাৰ্যসূচী বিষয়ে অৱগত কৰি কয় যে সভাৰ এশ বছৰৰ ইতিহাস সমৃদ্ধ এটা পূৰ্নাঙ্গ সংগাহালয় আৰু এটা অভিলেখা ( আৰ্কাইভ) প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা বিষয়েও সদৰী কৰে ।গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি তফজ্জুল হক বৰবৰাৰ সভাপতিত্বত অনুস্থিত হোৱা সভা খনত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিত্তয় ক্ৰমে মহেশ্বৰ শইকীয়া, সূৰ্য মোহন হাজৰিকা, প্ৰবিত্ৰ বৰবৰা, সদস্য সূৰ্য গগৈ, পবিত্ৰ নাথ জিলা সভাৰ উপসভাপতি গুনেন বৰা আদি বিশিষ্ট ব্যক্তি সকল ।

জিলা সাহিত্য সভাৰ সম্পাদক বন্তি বৰাই পৰিচালনা কৰা সভা খনত উপস্থিত থকা সভাপতি গৰাকীৰ সহধৰ্মিনী ইভা হাজৰিকাকো সম্বৰ্ধনা জনোৱা হয় ।

উপস্থিত সদস্যসকল