গোলাঘাট

এশিঙীয়া গঁড়ৰ সুৰক্ষা আৰু সজাগতা সন্দৰ্ভত কাজিৰঙাত 'আনভাইনচ'ৰ বিশেষ পদক্ষেপ

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙা : অসম গৌৰৱ এটা খৰ্গযুক্ত গঁড়ৰ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টি আৰু এই ক্ষেত্ৰত কাজিৰঙাৰ সফলতাৰ বিষয়ে প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে অহা ৩ ডিচেম্বৰত কাজিৰঙাত দ্বিতীয়বাৰলৈ অনুষ্ঠিত হ'ব Anvayins Run for the Rhino - Ultra Run at Kaziranga। ৫২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দৌৰ প্ৰতিযোগিতা অসমৰ প্ৰথম তথা একমাত্ৰ আল্ট্ৰা ৰাণ।

এই প্ৰতিযোগিতাৰ জড়িয়তে গঁড়ৰ সুৰক্ষাৰ লগতে শৰীৰ চৰ্চা আৰু সু-স্বাস্থ্যৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। এই প্ৰতিযোগিতাৰ পৰা সংগৃহীত ধনৰ এটা পৰিমাণ কাজিৰঙাৰ গঁড় সুৰক্ষা পুঁজিলৈ আগবঢ়োৱা হয়।

চলিত বৰ্ষৰ ২৮ জানুৱাৰীত অনুষ্ঠিত প্ৰথম Anvayins Run for the Rhino - Ultra Run at Kazirangaৰ সফলতাৰ পিছত অহা ৩ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিৰ বিষয়ে বৃহস্পতিবাৰে এখন সংবাদমেল আয়োজন কৰা হয়। সংবাদমেলত উক্ত বিষয় সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হয়।

কাজিৰঙাৰ কঁহৰাস্থিত শতবৰ্ষ সমাৰোহ কেন্দ্ৰত অনুষ্ঠিত সংবাদমেলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পৰ সঞ্চালক ড০ সোণালী ঘোষৰ লগতে মুখ্য আয়োজক সংস্থা 'আনভাইনচ' ট্ৰেভেলছ প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া নিশিকান্ত দাস আৰু সহযোগী সংস্থা 'আদিয়ান'ৰ সঞ্চালকদ্বয় অভিজিত গগৈ আৰু অনুপম ডেকা উপস্থিত থাকে।