গোলাঘাট

'ড্ৰাইভ শ্ল'' প্লে-কাৰ্ড লৈ কাজিৰঙাৰ ৰাজপথত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙা : ৰাজ্যত হোৱা বানপানীৰ ফলত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা। এই বানৰ কবলত পৰি জীৱ-জন্তুসমূহৰ বিলাই-বিপত্তি নোহোৱা হৈছে।

বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন লোকৰ ঘৰ-বাৰীৰ ক্ষতিসাধন কৰিছে ৷ উল্লেখ্য যে, বান পৰিস্থিতিৰ সময়ত উদ্যানখনৰ বন্যপ্ৰাণীসমূহে নিৰাপদ আশ্ৰয় বিচাৰি বাহিৰলৈ ওলাই আহে, ফলস্বৰূপে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতে জীৱ-জন্তুসমূহ বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হয়।

এইবাৰ যাতে এই দুৰ্ঘটনা ৰুধিব পাৰি তাৰবাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে। দেওবাৰে কাজিৰঙাৰ ৰাজপথত হাতত Drive slow প্লেকাৰ্ড লৈ বাহনৰ চালকক লাহে-লাহে বাহন চলাবলৈ অনুৰোধ জনালে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

ইয়াৰ লগতে কাজিৰঙা অঞ্চলত বন্য জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে বন, পৰ্যটন আৰু পৰিবহণ বিভাগৰ কৰ্মীৰ লগতে এন. এছ. এছ. (NSS)-ৰ দৰে অনুষ্ঠানসমূহৰ স্বেচ্ছাসেৱক সকলে অতি নিষ্ঠাৰে চলাই নিয়া সজাগতা বৃদ্ধি কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁলোকৰ মনোবল বৃদ্ধি কৰাৰ লগতে উৎসাহ যোগাই মন্ত্ৰীগৰাকীয়ে। হালধিবাৰীৰ এটা বনশিবিৰৰ পৰা বান পৰিস্থিতিৰো বুজ লয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

এনে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বন্যপ্ৰাণীসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ যান-বাহনৰ চালকসকলক সকলোধৰণৰ সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে। ৰাজ্য চৰকাৰে লোৱা এই পদক্ষেপৰ বাবেই এইবাৰ দুৰ্ঘটনাত পতিত হৈ কেৱলমাত্ৰ এটা পহুৰ মৃত্যু হোৱাৰ বাহিৰে অন্য কোনো বন্যপ্ৰাণী মৃত্যুমুখত পৰা নাই।

বিগত বছৰবোৰত বন্যপ্ৰাণীৰ এনে মৃত্যুৰ সংখ্যা বহুত আছিল। এই বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ বাবে বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে বিভিন্নজনে দিন-ৰাতি একাকাৰ কৰি কষ্ট কৰিছে ৷ আনহাতে বানত আবদ্ধ হৈ অথবা ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোঁতে আঘাতপ্ৰাপ্ত বিভিন্ন বন্যপ্ৰাণী উদ্ধাৰ কৰিছে বন বিভাগৰ দলে ৷

হাতী পোৱালি, মাতৃৰ পৰা বিচ্ছিন্ন গঁড় পোৱালি, হৰিণা আদিকে ধৰি কেবাটাও বন্যপ্ৰাণী ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ৷ এনে দুৰ্যোগৰ সময়ত ৰাজ্য চৰকাৰ, স্থানীয় স্বেচ্ছাসেৱীৰ লগতে আৰক্ষী আৰু পৰিবহণ বিভাগৰ সহযোগত বন্যজন্তুৰ নিৰাপত্তাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈছে জনসাধাৰণে।