গোলাঘাট

আঠখেলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ আঠখেলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বুধবাৰে বিদ্যালয়ৰ সমুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে, বিদ্যালয়খনৰ পৰা দুজন শিক্ষকক শিক্ষা বিভাগে বদলি কৰিব বিছৰাক লৈ ছাত্ৰ-ছাত্ৰীসকল ক্ষোভিত হৈ পৰে আৰু বুধবাৰে পুৱাৰ পৰাই বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰীসকলে "শিক্ষক বদলিৰ প্ৰক্ৰিয়া বাতিল কৰক", "বিদ্যালয়খন ধ্বংস হ'বলৈ দিব নোৱাৰি", "আমাক শিক্ষক ঘুৰাই লাগে" আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।