গোলাঘাট

বোকাখাত জাতীয় বিদ্যালয়ত "ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰীতি সন্মিলন"

Asomiya Pratidin

ডিজিটেল সংবাদ,বোকাখাত: বোকাখাতৰ অগ্ৰনী শিক্ষানুষ্ঠান বোকাখাত জাতীয় বিদ্যালয়ৰ উদ্যোগত আৰু গোলাঘাট শিশু ভৱনৰ সহযোগত শনিবাৰে বোকাখাত জাতীয় বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্যৰ বিকাশৰ ওপৰত এটি মননশীল কাৰ্যসূচী অনুষ্ঠিত হয়। "ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ মাজত প্ৰীতি সন্মিলন"- শীৰ্ষক অনুষ্ঠানটোত দুয়োখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে অংশ গ্ৰহন কৰে। আদৰণি ব্যক্তব্য আগবঢ়াই প্ৰয়াস অধ্যয়ন চক্ৰৰ প্ৰধান সম্পাদক সোণেশ্বৰ নৰহে।

অন্তৰংগ অনুষ্ঠানটোত সমল ব্যক্তি হিছাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা, বিশিষ্ট নাট্যকাৰ-পৰিচালক তথা ধেমাজিস্থিত বিদ্যা-দ্য লিভিং স্কুলৰ সঞ্চালক ড০ প্ৰাঞ্জল বুঢ়াগোঁহাই। লগতে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক তথা ৰাজনৈতিক লিমাৰিক শ্ৰষ্টা নৰকান্ত শইকীয়া আৰু গোলাঘাট শিশু ভৱনৰ সচিব ৰাজুমণি গগৈ।

"ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ মাজত প্ৰীতি সন্মিলন"খনৰ প্ৰশ্নোত্তৰ কালত তথাকথিত জন্মগত মেধা, প্ৰতিভা আদিয়ে ছাত্ৰ-ছাত্ৰীৰ জীৱন গঠনত সহায় কৰে বোলা পৰম্পৰাগত ধাৰনাতকৈ ছাত্ৰ-ছাত্ৰীৰ বিষয়গত কৰ্ষণহে বিজ্ঞানসন্মত আৰু পৰবৰ্তী জীৱনৰ বাবে অধিক ফলপ্ৰসূ বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই সমল ব্যক্তি ড০ প্ৰাঞ্জল বুঢ়াগোঁহায়ে। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্নধৰণৰ শৈক্ষিক আৰু ব্যক্তিগত সমষ্যা আদিৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পাৰি তাৰ ওপৰতো বিশেষ আলোকপাত কৰে বিশিষ্ট ব্যক্তিগৰাকীয়ে।

আনহাতে শিক্ষাৰ্থীসকলকৰ মানসিক স্বাস্থ্য আদিৰ ওপৰত পৃথিৱীৰ বিভিন্ন দেশত হোৱা ভালেকেইটা গৱেষণা আৰু ইয়াৰ ফলাফলৰ ওপৰতো ব্যাখ্যা আগবঢ়াই বিশিষ্ট নাট্যকাৰ-পৰিচালক তথা বিদ্যা-দ্য লিভিং স্কুলৰ সঞ্চালকগৰাকীয়ে। লগতে নতুন আৰু কেতবোৰ বিজ্ঞানসন্মত পদ্ধতি আৰু চিন্তাৰ দ্বাৰা ধেমাজি স্থিত বিদ্যা-দ্য লিভিং স্কুলখনে কেনেদৰে ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰীক বিকাশত এক মিশ্যণ হিছাপে কাম কৰি আছে তাৰো ব্যখ্যা আগবঢ়াই তেখেতে।

উল্লেখযোগ্য যে, আজিৰ অনুষ্ঠানটো অধিক আকৰ্ষণীয় কৰি তোলে বোকাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰা গীত আৰু কবিতা আবৃত্তিৰ এটি বিশেষ অনুষ্ঠানে। "ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ মাজত প্ৰীতি সন্মিলন"- শীৰ্ষক অনুষ্ঠানটোৰ আঁত ধৰে বোকাখাত জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী মন্দিৰা শইকীয়া আৰু প্ৰধান শিক্ষয়িত্ৰী ইঞ্জু আহমেদে।