গোলাঘাট

ৰাষ্ট্ৰীয় পৰ্যায়ত খুমটাইৰ ছাত্ৰৰ সফলতাঃ লাভ কৰিৰেল ৫১ লাখ টকা, লেপটপ, ম'বাইল আৰু বহু উপহাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ গোলাঘাটঃ বহুজাতিক কোম্পানী ছেমচাঙ(Samsung)-এ অলপতে দিল্লীত আয়োজন কৰা Solve for Tomorrow Season - 2 শীৰ্ষক শৈক্ষিক আৰু উদ্ভাৱন প্ৰতিযোগিতাত দেশৰ ভিতৰতে শ্ৰেষ্ঠত্বৰ স্থান লাভ কৰি উজ্জ্বলি উঠিল খুমটাইৰ মৌখোৱা গাঁৱৰ মুক্কাবীৰ ৰহমান নামৰ এজন ছাত্ৰ। প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰা সমগ্ৰ ভাৰতবৰ্ষৰ ৭১,০০০ টা দলৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিলে উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ মুক্কাবীৰৰ দলে।

গোলকীয় উঞ্চতা বৃদ্ধিৰ ফলত অহৰ্নিশে ৰ'দত কাম কৰিব লগীয়া হোৱাসকলৰ যথেষ্ট সমস্যাৰ সৃষ্টি হয় । এইসকলৰ সহায়ক হোৱাকৈ এটি যন্ত্ৰ উদ্ভাৱন কৰিলে মুক্কাবীৰৰ তিনিজনীয়া দলটোৱে ।

যি যন্ত্ৰ ডিঙিত লগালে তিনি মিনিটৰ বাবে শীতল হৈ পৰে সমগ্ৰ দেহ । এই যন্ত্ৰ উদ্ভাৱনৰ বাবেই এই পুৰস্কাৰ পালে মুক্কাবীৰে । উত্তৰ পূৱৰ ভিতৰত একমাত্ৰ স্থান অৰ্জনকাৰী হিচাপে সমগ্ৰ উত্তৰ পূবলৈ গৌৰৱ কঢ়িয়ালে ছাত্ৰজনে ।

কোম্পানীটোৱে মুক্কাবীৰৰ তিনিজনীয়া দলটোলৈ ১.৫ কোটি টকাৰ নগদ ধন আৰু লক্ষাধিক টকাৰ উপহাৰৰ লগতে আন বহুতো সুবিধা আগবঢ়াইছে । গ্ৰামাঞ্চলৰ পৰা সমগ্ৰ দেশৰ ৭১০০০ প্ৰতিযোগীৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰি লাখ লাখ টকাৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা মুক্কাব্বুৰ ৰহমান হৈ পৰিছে আদৰ্শ ছাত্ৰ। ।