গোলাঘাট

বোকাখাতত জব্দ বাৰ্মিজ চুপাৰী ভৰ্তি বাহন

Asomiya Pratidin

ডিজিটেল সংবাদ,বোকাখাতঃ বাৰ্মিজ চুপাৰী, চোৰাং কয়লা, ড্ৰাগছ, চোৰাং কাঠ, গৰুৰ অবৈধ সৰবৰাহ তথা বহু চোৰাং ব্যৱসায়ৰ কৰিড’ৰলৈ পৰিণত হৈছে বোকাখাত নগৰৰ মাজেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।

বোকাখাতত আৰক্ষীয়ে পুনৰ জব্দ কৰিছে বাৰ্মিজ চুপাৰী ভৰ্তি এখন ১৪চকীয়া বাহন। প্ৰাপ্ত বাতৰি মতে প্ৰায় ৩০০ বস্তা বাৰ্মিজ চুপাৰী ভৰ্তি এখন বাহন গুৱাহাটী অভিমূখে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি গৈ থকা অৱস্থাত বোকাখাতৰ পাণবাৰীৰ সমীপত কোনো লোকে গাড়ীখন ৰখায়।

ডব্লিউ বি ৬৫ চি ৭১৯১(W B 65 C 7191) নম্বৰৰ গাড়ী খনৰ চালক নবাব ইকবালে গাড়ীৰ দুৱাৰ বন্ধ কৰি গাড়ীৰ ভিতৰত সোমাই থকা অৱস্থাত বোকাখাত আৰক্ষীয়ে গাড়ী খনৰ চালক,হেন্দীমেনসহ গাড়ীখন জব্দ কৰি বোকাখাত আৰক্ষী থানালৈ লৈ আহে।

গুৱাহাটী অভিমূখে গৈ থকা চুপাৰি ভৰ্ত্তি গাড়ী খনক বোকাখাতৰ পৰা ৪-৫জনীয়া এটা দলে ৰহস্যজনভাৱে অনুসৰণ কৰি গাড়ীখন ৰখাবলৈ বাধ্য কৰে। অৱশ্যে আৰক্ষী গৈ পোৱাৰ পূৰ্বেই আঁতৰি যায় দলটো।

আনহাতে পাণবাৰীৰৰ বন বিভাগৰ বেৰিকেডৰ সমীপত গাড়ীখন ৰখাই থোৱা অৱস্থাৰ পৰা বোকাখাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে বোকাখাত আৰক্ষীয়ে বাহনখনৰ চালক আৰু হেন্দিমেনক আটক কৰি Bokakhat P.S. C/No. 86/2024/U.S.61(2)/303(2)/318(4)/336(3)BNS নম্বৰত এক গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে এক শক্তিশালী অসাধু চক্ৰৰ কৃপাতেই বোকাখাতৰ মাজেদি বিভিন্ন স্থানৰ পৰা বিগত কিছু দিন ধৰি চোৰাং সৰবৰাহকাৰীয়ে গৰু, ম’হ, বাৰ্মিজ চুপাৰী,চোৰাং কয়লা, অবৈধ কাঠ আদি সৰবৰাহ কৰি থকা বুলি অভিযোগ উত্থাপিত হৈছে।

ইয়াৰোপৰি এটা বিশেষ চক্ৰই এনে অবৈধ সৰবৰাহকাৰী বাহনৰ পৰা ভয়-ভাবুকিৰে সংগ্ৰহ কৰি আহিছে বৃহৎ পৰিমাণৰ ধন। যাৰ বাবে বোকাখাত আৰক্ষীক অধিক কঠোৰ হোৱাৰ লগতে এই ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি অবৈধ সৰবৰাহ ৰোধ কৰাৰ লগতে অবৈধ ভাৱে ধন সংগ্ৰহ কৰা বিশেষ চক্ৰক উৎখাত কৰিবলৈও দাবী জনাইছে সচেতন মহলে।