গোলাঘাট

অম্বুবাচী উপলক্ষে বন্ধ হ'ল শ্ৰী শ্ৰী কাকগোসানী থানৰ প্ৰৱেশ দ্বাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙা : অম্বুবাচী উপলক্ষে আজিৰে পৰা ৪দিনৰ বাবে বন্ধ হ'ল কাজিৰঙাৰ আহোম ৰজা গদাধৰ সিংহ স্মৃতি বিজড়িত শ্ৰী শ্ৰী কাকগোসানী থানৰ প্ৰৱেশ দ্বাৰ ৷ ধৰিত্ৰী ৰজঃস্বলা হোৱাৰ লগে লগে বন্ধ হৈ পৰিছে ৰাজ্যৰ মঠ-মন্দিৰৰ দুৱাৰ ।

শনিবাৰে অম্বুবাচীৰ প্ৰবৃত্তি সেয়েহে পুৱা ঠিক ৮ বাজি ৪৩ মিনিট হোৱাৰ লগে লগে বন্ধ কৰি দিয়া হৈছে মহামায়া থানখনৰ মণিকূটৰ দুৱাৰ ৷ ২৫ জুন মঙলবাৰে নিশা ৮ বাজি ৫৬ মিনিটত নিবৃত্তি হ'ব আৰু বুধবাৰৰৰ পৰা পুনৰ পূজাৰীয়ে দেৱীৰ চৰণত সেৱা আগবঢ়াব ৷