গোলাঘাট

গোলাঘাটৰ ৰঙাজান চাহ বাগিচাত উতপ্ত পৰিস্থিতি...

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাট : শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু অন্যান্য প্ৰাপ্যক লৈ বুধবাৰে গোলাঘাট নগৰৰ সমীপস্থ ৰঙাজান চাহবাগিচাত এক উতপ্ত পৰিবেশৰ সৃষ্টি হয়। ৰাজপথলৈ ওলাই অহা শ্ৰমিক আৰু বাগিছা কৰ্তৃপক্ষৰ মাজত সৃষ্টি হোৱা প্ৰচণ্ড তৰ্কযুদ্ধ আৰু শ্ৰমিকৰ ৰণচণ্ডী মূৰ্তি দেখি বাগান কৰ্তৃপক্ষৰ লোক পলায়ন কৰিবলৈ বাধ্য হয়।

অতি কম সময়ৰ ভিতৰতে প্ৰতিবাদে এনে ৰূপ পাই গৈ যে, ক্ষোভিত শ্ৰমিকে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেদি বাগিছাৰ পৰিচালকক কেইবাকিলমিটাৰ লৈ খেদি লৈ যায়। উল্লেখযোগ্য যে ৰিনিকী খেটানৰ মালিকানাধীন ৰঙাজান চাহ বাগিচাৰ শ্ৰমিকসকলে বছৰ বছৰ ধৰি নিজ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে।

ফলত আজি বাগিচাৰ শ্ৰমিকসকলৰ ধৈৰ্য্যৰ বান্ধ চিঙি ৰূদ্ৰমুৰ্তি ধাৰণ কৰে। অৱশেষত শ্ৰমিকসকলে বাগিচাখনৰ পৰিচালকক জবাবদিহি কৰাৰ লগতে একাংশই আক্ৰমণ কৰিবলৈ চোঁচা লয়।

সৌভাগ্যক্ৰমে ঘটনাস্থলীত গোলাঘাট আৰক্ষীৰ দল উপস্থিত হৈ বাগিচাখনৰ পৰিচালকৰ লগতে আন দুগৰাকী বাগিচাৰ কৰ্মচাৰীক উদ্ধাৰ কৰি গোলাঘাট আৰক্ষী থানলৈ লৈ যায়। যি সময়ত ৰাজ্যৰ বাগিচাসমূহৰ মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছে তেনে সময়তে গোলাঘাটৰ ৰঙাজান চাহ বাগিচাৰ শ্ৰমিকসকলে প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হোৱাৰ লগতে ৰেচন বনাছ আদিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰে শ্ৰমিকসকলে।

ইফালে আৰক্ষীৰ হস্তক্ষেপত বাগিছাখনৰ শ্ৰমিকসকল ক্ষান্ত হয় যদিও বাগিছাখনৰ কাৰ্যালয়ৰ সন্মুখত শ শ পুৰুষ মহিলাই ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। চাহ শ্ৰমিকসকলৰ এই প্ৰতিবাদত অংশগ্ৰহণ কৰি চাহ মজদুৰ সংঘৰ সম্পাদক ঘনশ্যাম বাঢ়ৈয়ে শ্ৰমিকসকলৰ প্ৰাপ্য মজুৰি দিবলৈ বাগিচা কৰ্তৃপক্ষক দাবী জনায়।