গোলাঘাট

ঐতিহাসিক ধোদৰ আলিৰ কদৰ্য ৰূপ

Asomiya Pratidin

ডিজিটেল সংবাদ,গোলাঘাট : অসম চৰকাৰৰ 'অসম মালা' আঁচনিৰ অধীনত ঐতিহাসিক ধোদৰ আলিৰ নিৰ্মাণ কাৰ্য্য অতি লেহেমীয়া গতিত চলি আছে । কমাৰগাঁৱৰ পৰা গোলাঘাটৰ কমাৰবন্ধালৈকে প্ৰায় ৪৫ কিলোমিটাৰ পথটো বহল কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই নিৰ্মাণ কাৰ্য চূড়ান্ত লেহেমীয়া গতিত চলি থকাৰ ফলত বাৰিষাৰ এজাক বৰষুণত পথটোত সৃষ্টি হোৱা বৃহৎ বৃহৎ গাঁতবোৰ মৰণ ফান্দত পৰিণত হৈছে ।

পথটোৰ এনে দুৰৱস্থাত ক্ষোভিত হৈ পৰিছে খুমটাইৰ আধাৰসত্ৰ অঞ্চলৰ ৰাইজ ।ইয়াৰোপৰি তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্মইয়ো পথটোত যিকোনো মুহূৰ্ততে মানুহৰ প্ৰাণ নাশ কৰাৰ উপক্ৰম ঘটাইছে ।

গৌতম কনষ্ট্ৰাকচন নামৰ কম্পেনীটোৱে নিৰ্মাণ কৰি থকা এই পথটোত নিবিদা প্ৰাপ্ত কোম্পানীটোৰ ডাম্পাৰসমূহে বালি আদি অভাৰ লডিং কৰি নিয়াৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । বৰ্তমান বাৰিষা বতৰত ৰাস্তাটোৰ গাঁতসমূহত মাটি পেলাই দিয়াৰ ফলত বাইক আৰোহী, ছাত্ৰ-ছাত্ৰী ভয়াৱহ দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ আশংকা ঘণীভূত হৈছে ।

কংগ্ৰেছ চৰকাৰৰ শাসনকালত ১০ বছৰ গড়কাপ্তানি বিভাগৰ দায়িত্বত আছিল গোলাঘাট সমষ্টিৰ বিধায়িকা তথা বিত্তমন্ত্ৰী অজন্তা নেওগ। তেতিয়াৰ গড়কাপ্তানি বিভাগৰ দায়িত্বত থাকি পথটো নিৰ্মাণৰ কোনো ব্যৱস্থা নকৰাৰ লগতে বৰ্তমান ৭টা বছৰে লোকনিৰ্মাণ বিভাগটোৰ দায়িত্ব বহন কৰা বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়েও পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো তৎপৰতা নেদেখুওৱাৰ অভিযোগ উত্থাপিত হৈছে।