দুৱাৰ ভাঙি চোৰে লৈ গ'ল ৭০ লাখ টকাৰ আগৰ... 
গোলাঘাট

দুৱাৰ ভাঙি চোৰে লৈ গ'ল ৭০ লাখ টকাৰ আগৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাটৰ বিভিন্ন স্থানত বহু কেইজন লোকৰ বাৰীৰ পৰা সাচি গছ চোৰে কাটি নিয়াৰ কেইবাটাও ঘটনা সংঘটিত হোৱাৰ পাছত চহৰৰ নিকটৱৰ্তী বৰফুকনখাটৰ এঘৰ মানুহৰ দুৱাৰ ভাঙি প্ৰায় ৭০লাখ টকাৰ "আগৰ "(সাচি গছৰ ভিতৰৰ অংশ) লৈ যায় ।

এই সম্পৰ্কত পাপু আলি নামৰ ভুক্তভোগী ব্যৱসায়ী জন আৰক্ষীৰ কাষ চাপিছে। পাপু আলিৰ অভিযোগ অনুসৰি, তেওঁলোক নিশা শুই থকা অৱস্থাত চোৰে দুৱাৰ ভাঙি প্ৰৱেশ কৰে আৰু প্ৰায় ৫৫ কিলোগ্ৰাম আগৰ লৈ যায়।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।