গোলাঘাট

আজি বিশ্ব গঁড় দিৱস

শেহতীয়া গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৬১৩ টা গঁড়ৰ তথ্য লাভ কৰা হৈছিল যদিও আগন্তুক দুটা বৰ্ষত গঁড়ৰ সংখ্যাই তিনিহাজাৰ অতিক্ৰম কৰিব বুলি আশাবাদী

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙা : আজি বিশ্ব গঁড় দিৱস ৷ গঁড় সংৰক্ষণৰ সজাগতা সৃষ্টিৰ বাবে ২০১০ চনৰ পৰা ২২ ছেপ্তেম্বৰ দিনটো বিশ্ব গঁড় দিৱস হিচাপে পালন কৰি অহা হৈছে ৷

উল্লেখযোগ্য যে গঁড় সংৰক্ষণৰ ক্ষেত্ৰত অসমে বহন কৰি আহিছে এক গৌৰৱ উজ্বল ইতিহাস ৷ য’ত বৃটিছ শাসনৰ দিনতে কাজিৰঙাত গঁড়ৰ অস্তিত্বৰ প্ৰমান লাভ কৰাৰ পৰা বৰ্তমানলৈকে গঁড়ৰ সংখ্যা বৃদ্ধিয়ে বিশ্ব দৰবাৰত অসমে লাভ কৰিবলৈ সক্ষম হৈছে সুকীয়া পৰিচয় ৷

সমান্তৰালভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গ্ৰামাঞ্চলৰ লোকসকল গঁড় সংৰক্ষণৰ সফলতাৰ অন্যতম অংশীদাৰ ৷ এই ক্ষেত্ৰত কাজিৰঙাৰ স্থানীয় লোকক ধন্যবাদ জ্ঞাপন কৰে উদ্যান কৰ্তৃপক্ষই ৷

সমান্তৰালকৈ আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰা হৈছে বিশ্ব গঁড় দিৱস ৷ ১৩০০ বৰ্গ কিলোমিটাৰ আৱৰি থকা কাজিৰঙাত প্ৰতীকি গঁড় লৈ শোভাযাত্ৰা অনুষ্ঠিত কৰা হৈছে ৷

উদ্যানৰ দাঁতিকাষৰীয়া ৫খন জিলা সামৰি, বোকাখাতৰ ধনশ্ৰীমুখ, বিশ্বনাথ সংমণ্ডল আৰু লাওখোৱা বুঢ়াচাপৰিৰ পৰা প্ৰতীকি গঁড় লৈ কৰা শোভাযাত্ৰাৰ মাজে মাজে গঁড় সম্বন্ধীয় সজাগতা, গীত-মাত, আলেখ্য তথা সংগীতানুষ্ঠেনেৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা হৈছে ৷ বিয়লি ৩-০০বজাৰ পৰা কেন্দ্ৰীয়ভাৱে কহঁৰাৰ শতৱৰ্ষ উদযাপন কেন্দ্ৰত আয়োজন কৰা হৈছে বিশ্ব গঁড় দিৱস ৷

উপস্থিত থাকিব, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, কেশৱ মহন্ত আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা ৷ উল্লেখ্য যে ২০২২ চনৰ শেহতীয়া গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৬১৩ টা গঁড়ৰ তথ্য লাভ কৰা হৈছিল যদিও আগন্তুক দুটা বৰ্ষত গঁড়ৰ সংখ্যাই তিনিহাজাৰ অতিক্ৰম কৰিব বুলি আশাবাদী উদ্যানৰ সঞ্চালিকা সোণালী ঘোষ ৷ আগন্তুক পৰ্যটন বৰ্ষত পৰ্যটকৰ সুৰক্ষা আৰু সন্তুষ্টিৰ প্ৰতি অধিক গুৰুত্ব দিয়া হৈছে বুলিও উল্লেখ কৰে সঞ্চালিকাগৰাকীয়ে ৷