গোলাঘাট

পৰ্যটকক ৰখাৰ বাবে সাজু হৈ উঠা নাই বিভাগৰ পৰ্যটক নিবাস

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙা : এমাহ অতিক্ৰম কৰিলে কাজিৰঙাৰ ২০২৩-২৪ পৰ্যটন বৰ্ষই ৷ যোৱা ১৫ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ পাছত দেশ বিদেশৰ পৰ্যটক আহিল কাজিৰঙালৈ ৷ কিন্তু আজি পৰ্যন্ত পৰ্যটক ৰখাৰ বাবে সাজু হৈ নুঠিল কাজিৰঙাৰ পৰ্যটন বিভাগৰ পৰ্যটক নিবাস।

আচৰ্য্যজনক কথা যে অক্টোবৰ মাহৰ আগেয়ে কাজিৰঙাৰ ব্যক্তিগত পৰ্যটক নিবাসসমূহ পৰ্যটকক আদৰিবলৈ সাজু হোৱাৰ বিপৰীতে চৰকাৰী পৰ্যটন নিবাস সমূহত অক্টোবৰ মাহত আৰম্ভ কৰা হৈছিল মেৰামতিৰৰ কাম ৷ ফলশ্ৰুতিত পৰ্যটন বৰ্ষৰ এটা মাহ অতিক্ৰম কৰাৰ পাছতো মেৰামতিৰ কাম চলিয়েই আছে পৰ্যটন বিভাগৰ বনানি, বনশ্ৰী, কুঞ্জবন পৰ্যটন নিবাসৰ মেৰামতি ৷

আনহাতে এবছৰৰ পূৰ্বে নতুনকৈ নিৰ্মাণ আৰম্ভ কৰা আঁচনিসমূহতো নাই অগ্ৰগতিৰ লক্ষণ ৷ যিহেতু বহিঃৰাজ্যৰ বহু পৰ্যটকৰ বাবে প্ৰথম পচণ্ড চৰকাৰী পৰ্যটন নিবাস ৷ গতিকে এনেসকল পৰ্যটকৰ বাবেও নিৰাশা কঢ়িয়াই আনিছে চৰকাৰী খণ্ডৰ পৰ্যটক নিবাসে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি গঢ়লৈ উঠা কাজিৰঙাৰ পৰ্যটনৰ এনে দুৰ্দশাজনক অৱস্থাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বহুজনে ৷ সকলোৰে দাবী চৰকাৰী বিভাগটোৱে সময়োপযোগী ব্যৱস্থা গ্ৰহণ কৰি কাজিৰঙাত পৰ্যটন বিভাগৰ অস্তিত্বক প্ৰতিপন্ন কৰক ৷