গোলাঘাট

দহ সহস্ৰাধিক বৃক্ষ ৰোপণ আৰু প্ৰতিপালনৰ লক্ষ্যৰে গোলাঘাটৰ স্বেচ্ছাসেৱী সংগঠনৰ বিশেষ পদক্ষেপ

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাট চিনাতলীৰ জনপ্ৰিয় স্বেচ্ছাসেৱী অনুষ্ঠান অৰণ্যমে বৃহত্তৰ খুমটাই সমষ্টিত বৃক্ষ‌ ৰোপণেৰে এক মহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে । সমষ্টিটোৰ বিভিন্ন স্থানত দহ হাজাৰ গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ লক্ষ্যৰে নামি পৰিছে স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ কাৰ্যকৰ্তাসকল ।

গোলাঘাটৰ খুমটাই সমষ্টিৰ ঐতিহাসিক ধোদৰ আলিৰ দুয়োকাষে , চিনাতলী চাৰিআলিৰ পৰা ঢেকিয়াল সংযোগী মূল পথৰ দুয়োকাষে প্ৰতি গৰাকী কাৰ্যকৰ্তাই আগবঢ়োৱা বৰঙণিৰে প্ৰায় ৬০০ গছপুলি ৰোপণ কৰিছে । প্ৰতি মাহৰ তিনিটা দেওবাৰত লোৱা এই গছপুলি ৰোপণৰ কাৰ্যসূচী ৰোপণ‌ কৰি আহিছে ।

এই কাৰ্যসূচীৰ আজিলৈকে তৃতীয় সপ্তাহ অতিক্ৰম কৰিছে । প্ৰতিমাহৰ এটা দেওবাৰত অৰণ্যমৰ কাৰ্যকৰ্তাসকলে গছপুলিসমূহ প্ৰতিপালনৰ কাম হাতত লোৱাৰ কথা সদৰি কৰিছে । এই সেউজ বিপ্লৱৰ কাৰৎযসূচীত স্বেচ্ছাসেৱী সংগঠন অৰণ্যমে আগন্তুক দুবছৰৰ ভিতৰত কৃষ্ণচূড়া , ৰাধাচূৰা , সোণাৰু , বিলাতী সোণাৰু , আম , কঁঠাল , বগা জামু কলা জামু, টেটেলী, শিলিখা , মধুৰীকে ধৰি বিভিন্ন ফল-মূলৰ গছ অশোক , অৰ্জুন , ঔ- টেঙা আদি মূল্যৱান গছৰপুলি ৰোপণ কৰি পৰিৱেশটো সেউজ সুন্দৰ কৰি তোলাৰ পৰিকল্পনা হাতত লৈছে ।

২০০৯ চনতে গঠন হোৱা অৰণ্যম স্বেচ্ছাসেৱী সংগঠনে জন্মলগ্নৰে পৰা বিভিন্ন আৰ্থ-সামাজিক , সাংস্কৃতিক কাৰ্যসূচী সফল‌ ৰূপায়ণ কৰি আহিছে । এইবাৰ নতুনকৈ সেউজ বিপ্লৱৰ এই মহৎ পদক্ষেপৰ জৰিয়তে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ সেউজ আৰু স্বচ্ছ খুমটাই কাৰ্যসূচীত অৰণ্যমে বিশেষ ভূমিকা গ্ৰহণ কৰিছে । অৰণ্যমৰ এই কাৰ্যসূচীত বিধায়ক গৰাকীয়ে নিজেও অংশগ্ৰহণ কৰি অৰণ্যমৰ পদক্ষেপক শলাগ লৈছে ।

খুমটাই সমষ্টিত বিধায়ক মৃণাল শইকীয়াই আয়োজন কৰা গছপুলি ৰোপণ আৰু প্ৰতিপালন প্ৰতিযোগিতাত এই কাৰ্যসূচীৰ জৰিয়তে অংশ গ্ৰহণ কৰা বুলি অৰণ্যমৰ মুখ্য সম্পাদক সমীৰণ দিগন্ত বৰাই আমাক জানিবলৈ দিছে । গছপুলিসমূহ সুৰক্ষা আৰু প্ৰতিপালনৰ ক্ষেত্ৰত সকলো ৰাইজক সহযোগিতা আগবঢ়াবলৈ তেওঁ আহ্বান জনাইছে।