গোলাঘাটত দুটা অবৈধ কাঠমিল উৎখাত... 
গোলাঘাট

গোলাঘাটত দুটা অবৈধ কাঠমিল উৎখাত...

Asomiya Pratidin

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাটৰ বনবিভাগে আজি এক অভিযান চলাই কঠিয়াতলী আঠাগাঁৱত দুটাকৈ অবৈধ কাঠমিল উৎখাত কৰে ৷ এলেকাটোত মণ্টু নেওগ আৰু আন এজনে কোনো অনুজ্ঞাপত্ৰ নোহোৱাকৈ ২৪ ইঞ্চি বেঞ্চ বহুৱাই সুদীৰ্ঘ দিন ধৰি অবৈধভাবে গছৰ কুণ্ডা ফালি ৰমৰমীয়া বেপাৰ চলাই আহিছিল ৷

আজি বনবিভাগৰ লোক উপস্থিত হোৱাৰ পূৰ্বেই দুইটা কাঠমিলৰ মালিক পলায়ন কৰে৷ গোলাঘাট খণ্ড বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল দুটা উৎখাত কৰাৰ লগতে চাৰিগাড়ী অবৈধ কাঠ জব্দ কৰে ৷

আনহাতে ফাণ্টা ফালিবৰ বাবে বনবিভাগে ২২ ইঞ্চিৰ বেঞ্চৰ অনুমতি দিয়ে যদিও অনুমতি লোৱা সকলেও ২৪ ইঞ্চিৰ বেঞ্চ বহুৱাই গছৰ কুণ্ডা সমূহ ফালি হাবিবননি ধৱংস কৰি আহিছে ৷ এনে কাঠমিলৰ সংখ্যা জিলাখনত অলেখ ৷

ইয়াৰ ভিতৰত দেৰগাঁৰখণ্ড বনবিভাগৰ অধীনৰ কেৱল ব্ৰহ্মপুত্ৰ অঞ্চল, ৰঙামাটি আদিত বহু সংখ্যক কাঠমিল স্হাপন কৰি গছৰ কুণ্ডা ফালি গোলাঘাট চহৰ, বাদুলিপাৰা, যোৰহাট আদিলৈ প্ৰেৰণ কৰাৰ অভিযোগ দিৰ্ঘদিনীয়া ৷ এই ক্ষেত্ৰত দেৰগাঁৱৰ খণ্ড বন বিভাগৰ মালিৰ চাকৰি কৰা দাস উপাধীৰ কৰ্মচাৰীজনে বিভিন্ন পক্ষক মেনেজ কৰি চোৰাং মাটি আৰু কাঠবেপাৰীক উৎসাহিত কৰাৰ অভিযোগ উঠিছে ৷