গোলাঘাট

গোপনে বন্যহস্তী পুতি থোৱাৰ গোচৰ : নুমলীগড় শোধনাগাৰৰ দুই বিষয়াক গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,গোলাঘাট : গোলাঘাট জিলাৰ নুমলীগড় তেল শোধনাগাৰৰ নগৰাঞ্চলৰ পখিলা উদ্যানত যোৱা ১৮ জুলাইত বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া হাতী মৃত্যু হোৱাৰ পাছত ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে বুধবাৰে বন বিভাগে দুজন বিষয়াক গ্ৰেপ্তাৰ কৰে। বন্যপ্ৰাণী সুৰক্ষা আইন - ১৯৭২ ৰ অধীনত শোধনাগাৰটোৰ বিষয়া দুজনক বন বিভাগে গ্ৰেপ্তাৰ কৰে।

উল্লখযোগ্য যে হাতীটোৰ মৃত্যু হোৱাৰ পাছত বনবিভাগক নজনোৱাকৈয়ে শোধনাগাৰৰ দুজন বিষয়া নগৰাঞ্চলৰ মুখ্য প্ৰৱন্ধক উজ্বল নয়ন সন্দিকৈ আৰু প্ৰৱন্ধক বেদাংগ কাশ্যপৰ নেতৃত্বত হাতীটোৰ মৃতদেহ গোপনে পুতি পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। পাছত বনবিভাগে উক্ত ঘটনাৰ সন্দৰ্ভত জানিব পাৰি গোলাঘাটৰ ডিএফঅ সুশীল কুমাৰ ঠাকুৰীয়াৰ নেতৃত্বত যোৱা এটা দলে হাতীটোৰ মৃতদেহ খান্দি উলিয়াইছিল।

মৃতদেহটো বিধিগতভাৱে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ লগতে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰে। অন্যহাতে নুমলীগড় তেলশোধনাগাৰ কৰ্তৃপক্ষৰ এনে দায়িত্ব জ্ঞানহীন কাৰ্যৰ কথা পোহৰলৈ অহাৰ লগে লগে বহু দল সংগঠন জাঙুৰ খাই উঠে।

ইয়াৰোপৰি কেইবাটাও সংগঠনে উক্ত বিষয়াদ্বয়ৰ বিৰুদ্ধে নুমলীগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰি তেওঁলোকক গ্ৰেপ্তাৰৰ দাবীত সৰৱ হৈ পৰে। কেইবাদিনো ধৰি তদন্ত চলোৱাৰ পাছত আজি গোলাঘাটৰ বনবিভাগৰ তদন্তকাৰী বিষয়া ছয়ফুল ইছলামে শোধনাগাৰৰ উক্ত বিষয়াদ্বয়ক সোধাপোছাৰ বাবে গোলাঘাটৰ বনাঞ্চলিক কাৰ্যালয়লৈ মাতি আনে আৰু দুঘণ্টা জোৰা জেৰাৰ অন্তত দুয়োকে গ্ৰেপ্তাৰ কৰে।