প্ৰাক্তন প্ৰধান শিক্ষক ঘনকান্ত বড়াৰ মৃত্যুত উৰিয়ামঘাটত শোক... 
গোলাঘাট

প্ৰাক্তন প্ৰধান শিক্ষক ঘনকান্ত বড়াৰ মৃত্যুত উৰিয়ামঘাটত শোক...

Asomiya Pratidin

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ সৰুপথাৰ উপ-জিলাৰ দক্ষিণ গোলাঘাট শিক্ষাখণ্ডৰ অধীনস্থ উৰিয়ামঘাট লক্ষীপুৰস্থিত অঞ্চলটোৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰেংমা সীমান্ত হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষক, মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ঘনকান্ত বড়াৰ (৬৪)আজি পুৱা ৬:৪৫ বজাত নিজ বাসগৃহত পৰলোক প্ৰাপ্তি হয় ৷ প্ৰয়াত প্ৰাক্তন প্ৰধান শিক্ষকগৰাকী যোৱা কিছুদিন অসুস্থ হৈ আছিল।

মৃত্যুৰ সময়ত দুগৰাকী ভাৰ্যা, দুগৰাকী কন্যা, দুজন পুত্ৰসহ বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি যায় ৷ ১৯৬০ চনৰ ৩০ অক্টোবৰ তাৰিখে সৰুপথাৰ নগাজুৰি গাঁৱত জন্মগ্ৰহণ কৰা বড়াই ১৯৮৪ চনৰ ১০ নবেম্বৰ তাৰিখে ৰেংমা সীমান্ত মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে যোগদান কৰে ৷

পৰবৰ্তী সময়ত ২০১৮ চনত একেটা চৌহদতে থকাৰ সূত্ৰে বিদ্যালয়খন ৰেংমা সীমান্ত হাইস্কুলৰ সৈতে একত্ৰিকৰণ কৰা হয় আৰু তেখেতে সহকাৰী প্ৰধান শিক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰি ২০২০ চনৰ ৩১অক্টোবৰ তাৰিখে অৱসৰ গ্ৰহণ কৰে ৷ মনকৰিবলগীয়া যে, তেখেতে মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাত শিক্ষানুষ্ঠানখনে গোলাঘাট জিলাৰ ভিতৰতে সকলো দিশতে এখন অগ্ৰণী শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হ’বলৈ সক্ষম হৈছিল ৷

কঠোৰ নিয়মানুৱৰ্তীতা, অনুশাসন মানি চলি ঘনকান্ত বড়া ছাত্ৰ-ছাত্ৰীৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছিল। সুদীৰ্ঘ ৩৬ টা বছৰে শিক্ষকতা কৰা কৰ্মস্থলী উৰিয়ামঘাটত তেখেতৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে সহস্ৰ গুণমুগ্ধ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী শোকস্তব্ধ হৈ পৰে৷

মনকৰিবলগীয়া যে, শিক্ষকতা কৰাৰ লগতে উৰিয়ামঘাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান , সদৌ অসম কৰ্মচাৰী পৰিষদ, মধ্য ইংৰাজী শিক্ষক সংস্থা আদি সৈতেও তেখেত জড়িত আছিল ৷ তেওঁৰ মৃত্যুত উৰিয়ামঘাট প্ৰেছ ক্লাৱ, উৰিয়ামঘাট শাখা সাহিত্য সভা, উৰিয়ামঘাট আঞ্চলিক- সাংস্কৃতিক ক্ৰীড়া সন্থা, উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থা, ৰেংমা সীমান্ত হাইস্কুলৰ শিক্ষক-কৰ্মচাৰী-ছাত্ৰ-ছাত্ৰী, তাই আহোম ছাত্ৰ সন্থা, উৰিয়ামঘাট আঞ্চলিক সমিতি আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰে ৷

ইফালে বিদ্যালয়খনৰ প্ৰাক্তন সহকাৰী প্ৰধান শিক্ষকগৰাকীৰ মৃত্যুত বিদ্যালয়ৰ চৌহদত এক শোক সভা সম্পন্ন হয় ৷ ৰেংমা সীমান্ত হাইস্কুলৰ প্ৰধান শিক্ষক অসীম শ্যাম গোঁহাইয়ে আঁতধৰা শোক সভাত বিদ্যালয়ৰ জেষ্ঠ্য শিক্ষক কুলধৰ গগৈয়ে প্ৰয়াত ঘনকান্ত বড়াৰ শিক্ষকতাৰ কাৰ্যকালৰ ওপৰত চমু আলোকপাত কৰে৷ প্ৰয়াত শিক্ষকগৰাকীৰ আত্মাৰ সদ্গতি কামনাৰে সভাত এক মিনিট সময় মৌনতা অৱলম্বন কৰে৷