গোলাঘাট

কাজিৰঙাত মহিলা সৱলীকৰণৰ উদ্দেশ্যেৰে এমহীয়া বিশেষ কৰ্মশালা...

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাত মহিলা সৱলীকৰণৰ উদ্দেশ্য লৈ এমহীয়া বিশেষ কৰ্মশালা ৷ নেচাৰ ফাৰ্ষ্ট ফাউণ্ডেচনৰ উদ্যোগত আৰু এন আৰ এলৰ সহযোগত গেলেকী মিকিৰ গাওঁ স্থিত আগমণি ৰিচ’ৰ্ছ চেণ্টাৰত হোৱা কৰ্মশালাত মুকলি হৈছে মহিলা-যুৱতীসকল স্বাৱলম্বী হোৱাৰ পথ ৷

কেৱল পাকঘৰতে সীমাবদ্ধ নাথাকি মহিলা-যুৱতীসকলে স্বনিৰ্ভৰশীলতাৰ পথ মুকলি কৰাৰ উদ্দেশ্য হাতত লৈ অংশগ্ৰহণ কৰিছে কৰ্মশালাত ৷ বিশেষকৈ সাজ-পোছাক তৈয়াৰী কৰ্মশালাত অংশগ্ৰহণ কৰি নিজৰ আৰ্থিক অৱস্থা টনকীয়াল কৰিব পাৰিম বুলি বিশ্বাসী মহিলা-যুৱতীসকল।

সেয়েহে নেচাৰ ফাৰ্ষ্ট ফাউণ্ডেচনৰ লগতে এন আৰ এলক ধন্যবাদ জনাইছে কৰ্মশালাত অংশ লোৱা প্ৰতিগৰাকীয়ে। ইয়াৰোপৰি কৰ্মশালা গ্ৰহণ কৰা মহিলা-যুৱতীসকলে উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে এখন বজাৰৰ আশা কৰিছে এন আৰ এল কৰ্তৃপক্ষৰ পৰা৷