কাজিৰঙাত বনৰীয়া ম'হৰ আক্ৰমণত মহিলা নিহত... 
গোলাঘাট

কাজিৰঙাত বনৰীয়া ম'হৰ আক্ৰমণত মহিলা নিহত...

Asomiya Pratidin

ডিজিটেল সংবাদ বোকাখাটঃ বৃহস্পতিবাৰে পুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আগৰাতলী বনাঞ্চলত সংঘটিত হৈছে এক শোকাবহ ঘটনা। বনৰীয়া ম'হৰ আক্ৰমণত নিহত হৈছে এগৰাকী মহিলা।

জানিব পৰা মতে বনাঞ্চলৰ সমীপৱৰ্তী বেলগুৰি গাঁৱত বনৰীয়া ম'হে প্ৰায় ৪৫ বৰ্ষীয় এগৰাকী মহিলাক আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আহত হৈ মৃত্যুমুখত পৰে। নিহত মহিলাগৰাকী বনাঞ্চলখনৰ সমীপৱৰ্তী বেলগুৰি গাঁৱৰ দীপা মুণ্ডা।

পুৱাই সংঘটিত হোৱা এই কৰুণ ঘটনাত শোকাহত হৈ পৰিছে স্থানীয় গঞা ৰাইজ। ইফালে এই ঘটনা সন্দৰ্ভত বন বিভাগক অৱগত কৰাৰ পাছতো ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত নোহোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে।