গোলাঘাট

World Photography Day: কাজিৰঙাৰ সৌন্দৰ্যক লেন্সত আৱদ্ধ কৰি সুখী হোৱা কাকু, বিশ্বহঁতৰ কথা...

Asomiya Pratidin

ডিজিটেল সংবাদ কাজিৰঙাঃ ফটোৱে কথা কয়। ফটোৱে ধৰি ৰাখে সময়। ইতিহাস ফটোৱে সৃষ্টি কৰে। ইতিহাস সৃষ্টি হয় ফটোৰ বাবে। আজি ১৯ আগষ্ট বিশ্ব ফটোগ্ৰাফী দিৱস।

১৮৩৯ চনৰ পৰাই আজিৰ দিনটোক বিশ্ব আলোকচিত্ৰ দিৱস হিচাপে পালন কৰি আহিছে সমগ্ৰ বিশ্বতে ৷ ফটোগ্ৰাফীৰ মাজেৰে স্মৰণীয় কৰি ৰাখিব পাৰি প্ৰতিটো মুহূৰ্ত। ফটোগ্ৰাফী এতিয়া কেৱল এক হবী নহয়, ফটোগ্ৰাফী ইতিমধ্যে এক কেৰিয়াৰ হৈ গৈছে।

যিদৰে এটা কবিতাত কবিগৰাকীৰ ভংগিমা প্ৰকাশ পাই ঠিক সেইদৰে একোখন ফটোত ফটোগ্ৰাফাৰ জনৰ আৱেগ অনুভূতি বা ভংগীমা প্ৰকাশ হয়৷ যুদ্ধ অথৱা দুৰ্ভিক্ষত ফটোৱে দিয়ে নীতি-অনীতিৰ একক ধাৰণা।

বিভিন্ন ধৰণৰ ফটোগ্ৰাফী আছে। তাৰ ভিতৰত ৱাইল্ড লাইফ ফটোগ্ৰাফী অন্যতম। বিশ্ব ফটোগ্ৰাফী দিৱসৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নয়নাভিৰাম দৃশ্যৰাজিৰ কথা ক'বই লাগিব।

প্ৰতিবছৰে ফটোগ্ৰাফীৰ বাবে কাজিৰঙালৈ আহে দেশ বিদেশৰ বহু প্ৰতিষ্ঠিত ফটোগ্ৰাফাৰ। তেওঁলোকক অনুসৰণ কৰি কাজিৰঙাৰ একাংশ যুৱকেও আৰম্ভ কৰিছে ৱাইল্ড লাইফ ফটোগ্ৰাফী।

আৰু পঢ়ক

কাজিৰঙাৰ বহু বিৰল দৃশ্য কেমেৰাত বন্দী কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে কাজিৰঙাৰ টুৰিষ্ট গাইড বিশ্বজিত্‍ চেত্ৰী আৰু কাকু শইকীয়াই। এগৰাকী সফল ফটোগ্ৰাফাৰ হ’বলৈ যথেষ্ট ধৈৰ্য্যৰ প্ৰয়োজন হয়। গতিকে ধৈৰ্য্য আৰু সৃষ্টিশীলতা যদি আপোনাৰ আছে, ফটো যদি আপুনি ভাল পায় তেন্তে খুব সোনকালে এগৰাকী ভাল ফটোগ্ৰাফাৰ আপুনিও হ’ব পাৰিব।

কাজিৰঙাৰ বহু বিৰল দৃশ্য কেমেৰাত বন্দী কৰি প্ৰশংসা বুটলা টুৰিষ্ট গাইড বিশ্বজিত্‍ চেত্ৰীয়ে বিশ্ব ফটোগ্ৰাফী দিৱসৰ শুভেচ্ছা জনায় কয়, কাজিৰঙাত ফটো তুলি আহিছো। ফটো তুলি ভাল লাগে। এখন ফটো তুলিবলৈ যথেষ্ট কষ্ট কৰিব লাগে। জীৱ, জন্তুৰ গতি-বিধি, বতৰৰ ৰূপ সকলো দিশলৈ লক্ষ্য কৰি যথেষ্ট ধৈৰ্য ধৰিব লাগে।

সেই কষ্ট আৰু ধৈৰ্যৰ বিনিময়ত যেতিয়া এখন ভাল ফটো পাও তেতিয়া নিশ্চয় বহু ভালে লাগে। লগতে তেওঁ কয়, ৱাইল্ড লাইফ ফটোগ্ৰাফীত কিবা এটা পাম বুলি আগতেই ধাৰণা কৰি ল'ব নোৱাৰে। সময়ে ধুনীয়া এখন ফটো দি যায়। ৰৈ যায় স্মৃতিবোৰ। সেইবোৰেই পাছত সামাজিক মাধ্যমত, প্ৰদৰ্শনীত মানুহক দেখুৱাই মনত আনন্দ লাভ কৰো।

আৰু পঢ়ক

আন এগৰাকী টুৰিষ্ট গাইড কাকু শইকীয়াই কয়, কাজিৰঙাৰ বাহিৰত ফটো তুলিবলৈ সময় নাপাওঁ। নিজেই জীপ চলাও। পৰ্যটকৰ লগতে যিসখিনি সময় পাওঁ তাতেই পাৰ কৰো। তাৰ পাছত সৰু কেমেৰা এটা লৈ নিজেই যেতিয়া ফটোগ্ৰাফী আৰম্ভ কৰিলো।

অসমৰ লগতে দেশী, বিদেশী পৰ্যটকৰ পৰা যথেষ্ট সহায়, সহযোগিতা লাভ কৰিছো। ফটোগ্ৰাফী সম্পৰ্কে নজনা কথা বহু শিকাই দিছিল। ইয়াৰোপৰি তেওঁ কয়, আজিকালি ৱাইল্ড লাইফ ফটো বিক্ৰী কৰিবও পাৰি। তাৰ পৰা উপাৰ্জনো কৰিব পাৰি।

তেওঁ কয়, এখন ফটো তুলিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়।কাজৰিঙালৈ যিসকলে ৱাইল্ড লাইফ ফটোগ্ৰাফী কৰিবলৈ আহে তেওঁলোকে ৩/৪ দিন সময় লৈ আহে। একেটা ৰেঞ্জলৈ তেওঁলোকে দুবাৰ, তিনিবাৰকৈ যায়। এখন ফটো তুলিবলৈ ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰে।

আৰু পঢ়ক