গোলাঘাট

কাজিৰঙাৰ কহঁৰা নৈক সুস্থভাৱে জীয়াই ৰখাৰ সংকল্পৰে উদযাপন বিশ্ব নদী দিৱস

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ কহঁৰা নৈক সুস্থভাৱে জীয়াই ৰখাৰ সংকল্পলৈ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, স্থানীয় ৰাইজ, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত দেওবাৰে কাজিৰঙাত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় বিশ্ব নদী দিৱস ৷ কাজিৰঙা চিত্ৰকলা বিদ্যালয়, কহঁৰা হাতীপাথৰ পৰিচালনা সমিতি আৰু ভূমি সংৰক্ষণ বিভাগ, কহঁৰাৰ উদ্যোগত তথা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যকৰ সহযোগত উক্ত দিৱসৰ লগত সংগতি ৰাখি পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন আৰু বন্যপ্ৰাণীৰ জীৱনদায়ীনি হিচাপে কাম কৰি থকা কহঁৰা নদীৰ পাৰ পৰিস্কাৰ কৰা হয়।

দিৱসৰ লগত সংগতি ৰাখি স্থানীয় ৰাইজে কাৰ্বি পাহাৰৰ পৰা বৈ অহা কহঁৰা নদীৰ মধ্যম স্থান তথা কাজিৰঙাৰ বনভোজস্থলী হাতীপাথৰ এলেকাত একত্ৰিত হৈ সকলোৱে হাতে-কামে কহঁৰা নদীৰ কাষৰীয়া অঞ্চলত থকা পলিথিন, বনভোজ দলে পেলাই থৈ যোৱা আৱৰ্জনা, সুৰাৰ বটল আদি পৰিস্কাৰ কৰি নদীখনৰ পৰিৱেশ প্ৰদূষণমুক্ত কৰাৰ চেষ্টা কৰে ৷ উল্লেখ্য যে নদীক জীয়াই ৰখাৰ স্বাৰ্থতে ২০০৫ বৰ্ষৰ পৰা প্ৰতিবছৰৰ ছেপ্তেম্বৰ মাহৰ চতুৰ্থ দেওবাৰে উদযাপন কৰি অহা হৈছে বিশ্ব নদী দিৱস ৷ 'নদীৰ অধিকাৰ' শীৰ্ষক শ্ল’গানেৰে সমগ্ৰ বিশ্বত এই দিনটোত নদী আৰু নদীৰ আশিসত গঢ়ি উঠা সভ্যতা-সংস্কৃতিক সুস্থভাৱে জীয়াই ৰখাৰ সংকল্প লোৱা হৈছে ৷

কাজিৰঙাতো ইয়াৰ ব্যতিক্ৰম নহ’ল ৷ যাৰ বাবে কহঁৰা নৈৰ জাবৰ-জোঁথৰ পৰিস্কাৰ কৰি সম্প্ৰতি মৃতপ্ৰায় অৱস্থাৰ নদীখন পুনৰ্জীৱিত কৰাৰ সংকল্প গ্ৰহণ কৰা হয় ৷ ইপিনে চাফাই অভিযানৰ পিছত কহঁৰা ভূমি সংৰক্ষণ বিভাগৰ আলোচনা কক্ষত কাজিৰঙাৰ বয়োজ্যেষ্ঠ নাগৰিক, সমাজকৰ্মী ফটিক বৰাৰ সঞ্চালনাত বিশেষকৈ কহঁৰা নদীৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে এক গম্ভীৰ্যপূৰ্ণ আলোচনা সভা অনুষ্ঠিত হয় ৷ সাংবাদিক স্বপন নাথে আঁত ধৰা আলোচনা সভাত বেচৰকাৰী স্বেচ্ছাসেৱী প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকৰ গৱেষক সৌৰভ গুপ্তাই কহঁৰা নদী সম্বন্ধীয় অডিঅ’-ভিজুৱেল পদ্ধতিৰে তথ্য উপস্থাপন কৰে ৷

কাজিৰঙাৰ কহঁৰা নৈৰ উৎপত্তিস্থলৰ পৰা আৰম্ভ কৰি কহঁৰা নৈত কিহৰ বাবে নাইট্ৰেট আৰু ফচফেটৰ পৰিমাণ বৃদ্ধি পাইছে সেই সম্বন্ধে ব্যাখ্যা আগবঢ়ায় ৷ গৱেষক গুপ্তাই কয় যে- ২০১৮ চনৰ পৰা কাজিৰঙাৰ কহঁৰা নৈ সম্বন্ধীয় গৱেষণা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যকে কৰি থকাৰ পাছত এক আচৰিত পৰিৱৰ্তন দেখা পাইছে ৷ বিশেষকৈ বাৰিষাৰ সময়ছোৱাত যিমান পানী নৈৰ বুকুৰে বৈ আহে ২০১৮ চনৰ তুলনাত ২০২০ চনত অৰ্ধাংশ হৈ যোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ পাছতেই সভাত কহঁৰা নৈৰ কাষতে বসবাস কৰা জ্যেষ্ঠ নাগৰিক জিতেন পাত্ৰ, গংগাৰাম চেত্ৰীয়ে কয় যে- কহঁৰা নৈত অপৰিকল্পিতভাৱে কিছু বছৰৰ পূৰ্বে নিৰ্মাণ কৰা শ্লুইছ গেটৰ বাবেই বোৱতী নৈখনৰ অৱস্থা মৃতপ্ৰায় হৈছে ৷ দুয়োগৰাকী বক্তাই নৈ সংযোগী এটা নলা খান্দিলে জমা হৈ থকা পানীখিনি ওলাই যোৱাৰ সম্ভাৱনা আছে বুলি সভাত উল্লেখ কৰে ৷

সভাত কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ তথা যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই কয় যে- পৰ্যটনথলী কাজিৰঙাৰ মুখ্য কেন্দ্ৰস্থল কহঁৰা চাৰিআলিৰ কদৰ্যময় অৱস্থাৰ মূল কাৰণটোৱেই হৈছে একাংশ স্থানীয় লোকৰ উদাসীনতা ৷ এইক্ষেত্ৰত কাজিৰঙাক কেন্দ্ৰ কৰি গঢ় লৈ উঠা পৰ্যটন ব্যৱসায়ী, বিভিন্ন চৰকাৰী-বেচৰকাৰী সংস্থা, স্থানীয় প্ৰশাসনৰ দায়িত্ব অপৰিসীম ৷ তেখেতে কয় যে- কহঁৰা চাৰিআলিৰ জাবৰৰ প্ৰসংগই বিধানসভাত স্থান পোৱাটো কেৱল দুৰ্ভাগ্যজনকেই নহয় অত্যন্ত লজ্জাজনক বুলি উল্লেখ কৰি সাহাই কয় ডাষ্টবিনলৈ পৰিণত কৰিব বিচৰা কহঁৰা নৈখন চাফাই কৰাৰ লগতে অন্ততঃ সপ্তাহত এদিন কহঁৰা চাৰিআলি চাফাই কৰি পেলনীয়া সামগ্ৰী বোকাখাত প্ৰশাসনক নিবলৈ বাধ্য কৰাব লাগে ৷ এইক্ষেত্ৰত কাজিৰঙা বন বিভাগ, পৰ্যটন বিভাগ, ল’জ-ৰিচৰ্টক সহযোগ কৰিবলৈ আহ্বান জনোৱা উচিত বুলিও নিজৰ বক্তব্যত কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ সাহাই উল্লেখ কৰে৷

ইয়াৰ পাছতেই সভাত কাজিৰঙা টুৰিজিম ডেভেলপমেণ্ট চচাইটিৰ সভাপতি তৰুণ গগৈ, কাজিৰঙা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য্য ৰঞ্জন ৰাজখোৱা, ভূমি সংৰক্ষণ বিভাগৰ উপ বনাঞ্চলিক বিষয়া ৰূপসিং ইংলেং, বিষ্ণু থাপা, দেৱাশীষ বৰুৱা, কাজিৰঙা চিত্ৰকলা বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক ডায়েৰী প্ৰসাদ উপাধ্যায়, চাৰলং তেৰণ, কহঁৰা বজাৰ সমিতিৰ সম্পাদক বাসুদেৱ উপাধ্যায়, ৰেহান আলী আদিয়ে কহঁৰা নদীৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে নিজৰ মতামত প্ৰকাশ কৰে ৷ নিজৰ নিজৰ বক্তব্যত কাৰ্বি পাহাৰৰ পৰা বৈ অহা প্ৰাকৃতিক মনোমোহা পৰিৱেশেৰে ভৰপূৰ কহঁৰা নৈখন বৰ্তমান প্ৰদূষিত হোৱাৰ কথাটো সকলোৱেই দোহাৰে। কহঁৰা নৈৰ প্ৰদূষিত পানী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ বৈ যোৱাত আৰু বন্যপ্ৰাণীয়ে এই পানী পান কৰাত ভৱিষ্যতে বন্যপ্ৰাণীৰ অপকাৰ হোৱাটো নিশ্চিত বুলিও বিভিন্নজনে নিজৰ বক্তব্যযোগে মত প্ৰকাশ কৰিছে।

উল্লেখ্য এই আলোচনাত কহঁৰা নদীত বিভাগীয় ভাৱে অবৈজ্ঞানিক পদ্ধতিৰে পকী বান্ধ দিয়াৰ কথাটোৱে মুখ্য স্থান লাভ কৰে। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দয়াৰাম মাজি, আটছাৰ বিষয়ববীয়া দীপক গঞ্জু, কাজিৰঙা অধ্যয়ন চক্ৰৰ সমন্বয়ক ইন্দুপৱন শইকীয়া, পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী ললিতা নাথ, আৰণ্যকৰ বিভিন্নগৰাকী বিষয়-ববীয়া, স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত আলোচনাৰ অন্তত কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক ডায়েৰী প্ৰসাদ উপাধ্যায়ক সভাপতি, বিষ্ণু থাপা আৰু হৰিৰাম ইংতিক উপ সভাপতি, স্বপন নাথক সম্পাদক, বিষ্ণু উপাধ্যায়, ৰেহান আলী আৰু কেশৱ উপাধ্যায়ক সহকাৰী সম্পাদক হিচাপে লৈ "কহঁৰা নদী সংৰক্ষণ আৰু উন্নয়ন সমিতি" নামেৰে ১১ জনীয়া এখন সমিতি গঠন কৰা হয়। ইপিনে, এই নদী দিৱসৰ লগত সংগতি ৰাখি কাজিৰঙা চিত্ৰকলা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ অনুষ্ঠানতে ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় ।