গোলাঘাট

বনৰীয়া হাতীক অশান্তি কৰি ৰঙাঘৰৰ আলহী হ'ল যুৱক

Asomiya Pratidin

ডিজিটেল সংবাদ,গোলাঘাট : হাতত যাঠি-জোং লৈ বন্যহস্তীক অশান্তি কৰা সকল সাৱধান। ৰাজ্যত সক্ৰিয় হৈছে উঠিছে বন বিভাগ। গোলাঘাটৰ অভয়জানত সোমবাৰে নিশা বন্যহস্তীক লাঠিৰে খোচ মাৰি বিপদত পৰিল যুৱক। বন আইনৰ অধীনত ৰঙাঘৰৰ আলহী হ'ব লগা হ'ল বনৰীয়া হাতীক অশান্তি কৰা যুৱক।

কমল গুৱালা নামৰ যুৱকজনে চাৰি-পাঁচ দিন পূৰ্বে নামবৰ হাবিৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকত থকা এটা হাতীক লাঠিৰে কোব মৰা,খোচ মৰা ভিডিঅ' ভাইৰেল হৈ পৰিছিল। অভিযুক্ত কমলৰ ঘৰ গোলাঘাটৰ অভয়জানত।

ভিডিঅ'টো বন বিভাগৰ হাতত পৰাত পিছত মুৰফুলনী খণ্ড বন বিষয়াই বন আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে কমল গুৱালাক। মংলবাৰে আইন অনুসৰি আদালতত হাজিৰ কৰা হব ধৃত কমল গুৱালাক।