কাজিৰঙা, কাৰ্বি আংলঙৰ বন কৰ্মীৰ অভিযানত বৃহৎ পৰিমাণৰ কাঠ জব্দ... 
গোলাঘাট

কাজিৰঙা, কাৰ্বি আংলঙৰ বন কৰ্মীৰ অভিযানত বৃহৎ পৰিমাণৰ কাঠ জব্দ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এফালে অবাধ পাহাৰ খনন আনফালে চোৰাং কাঠৰ অবৈধ বেহা৷ ক্ৰমে ধ্বংসৰ গৰাহলৈ গতি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া কাৰ্বি আংলঙৰ মনোৰম সেউজ পাহাৰ ৷

কাৰ্বি পাহাৰৰ পৰা কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে নিতৌ সৰবৰাহ হৈ আহিছে ট্ৰাকে ট্ৰাকে মূল্যবান কাঠ ৷ প্ৰতিৰোধ কৰিবলৈ কাৰ্বিআংলঙ বনবিভাগৰ নাই পৰ্যাপ্ত বনকৰ্মী ৷ তাৰমাজতো একেদিনাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী আৰু কাৰ্বি আংলঙ বনকৰ্মীয়ে বিভিন্ন স্থানত চলোৱা অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমানৰ চোৰাং কাঠ৷

কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বাগৰিৰ ইংলেং গাঁৱত কাৰ্বি আংলঙৰ বনকৰ্মীয়ে নিশা চলোৱা প্ৰথমটো অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম হয় গোটাই থোৱা বৃহৎ পৰিমানৰ কাঠৰ ফান্টা ৷ অৱশ্যে কোনো লোকক আটক কৰিবলৈ সক্ষম নহ’ল বনকৰ্মীৰ দলটো।

আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীয়ে বাগৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত নিশা চলোৱা অভিযানত কৰায়ত্ব কৰে তিনিখন কাঠ ভৰ্তি ট্ৰাক ৷ লগতে আটক কৰে তিনিজনক ৷ অবৈধভাৱে সৰবৰাহ কৰা কাঠখিনি জব্দ কৰি বন বিভাগে আৰম্ভ কৰিছে তদন্ত ৷