অসম

গোপালপুৰত সমূহীয়া বিহু উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখানাঃ এঘৰ দুঘৰ নহয় শতাধিক পৰিয়ালৰ সমস্বৰত উজ্বলিল  গোপালপুৰ কৃষ্টি ভৱন। এক ব্যতিক্ৰমী লোক পৰম্পৰা। কোৱা হয় সংস্কৃতিযে এক কৰে । ৰাজনীতিযে ভাগ কৰে। এই প্ৰবচন ফাঁকি কাৰ্যতঃ প্ৰমাণ কৰি দেখুৱালে ঘিলামৰাৰ এখন গাঁওৰ চহা ৰাইজে। 

গাঁওখন নাম গোপালপুৰ । ঐতিহ্যমণ্ডিত গোপালপুৰ সত্ৰৰ বৈষ্ণৱী ৰাইজৰ সমূহীয়া প্ৰচেষ্টাত মঙলবাৰে সন্ধিয়া অনুষ্ঠিত কৰা হয় সমূহীয়া হুঁচৰি।যত গাঁওখনৰ শতাধিক কৃষিজীৱী পৰিয়ালে বছেৰেকীয়া ৰঙালী বিহু উদযাপন কৰে নাচি বাগি এই নান্দনিক পৰিবেশৰ মাজেৰে ।

গাঁওখনৰ  মুনিহ তিৰোতা, যুৱক যুৱতী, কিশোৰ কিশোৰী বৃদ্ধ বৃদ্ধা সকলো একত্ৰিত হৈ কৃষ্টি ভৱন প্ৰাঙ্গন প্ৰাণোচ্ছল কৰি তোলে। মঙলাবাৰে সন্ধিয়া গাঁওখনৰ গঞা ৰাইজ একত্ৰিত হৈ ঢোল তাল পেঁপা গগনাৰ ছন্দেৰে বিহু মাৰি এক নান্দনিক পৰিবেশৰ সূচনা কৰে।

কোটি কলীয়া পৰম্পৰা অক্ষুন্ন ৰাখি অগণন বিহুৱা বিহুৱতীযে  বিহুনাম গাই  লোক সংস্কৃতিৰ অপূৰ্ব মাদকতাত বিলীন হয়। ৰঙালীৰ পাৰভঙা  উচাহত বিলীন হোৱা গাঁওবাসীযে নিজ নিজ শৰাই গোৱা পান আগবঢ়াই বছৰতো সুখ শান্তি সমৃদ্ধিৰে  অতিবাহিত হোৱা  সমূহীয়া প্ৰাৰ্থনা জনায় ।গাঁওখনৰ এক স্বকীয় লোক পৰম্পৰা অক্ষুন্ন ৰাখি চহা ৰাইজে দাঙি ধৰা এই ব্যতিক্ৰমী পদক্ষেপ বাস্তৱতে অনুকৰণীয় আৰু প্ৰশংসনীয় হিচাবে পৰিগণিত হৈছে।