অসম

শাৰীৰিক অনুশীলন কৰিব গৈ উভতি নাহিল ঘৰলৈঃ তীব্ৰ বেগী বাইকে প্ৰাণ ল'লে যুৱতীৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গোৰেশ্বৰৰ জালুকবাৰীত সোমবাৰে নিশা সংঘটিত হয় এক শোকাবহ ঘটনা। শাৰীৰিক অনুশীলন কৰি ঘৰলৈ উভতাৰ পথতেই দুৰ্ঘটনাতপতিত ৫ গৰাকী যুৱতী।

জানিব পৰা মতে ঘৰলৈ উভতি অহাৰ সময়ত তীব্রবেগী বাইকে মহটিয়াই নিলে ৫গৰাকী যুৱতীক। শাৰীৰিক অনুশীলন কৰি খোজে কাঢ়ি ঘৰলৈ গৈ আছিল আটাইকেইজনী।

এই ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এগৰাকী যুৱতী আৰু আহত হয় আন ৪গৰাকী যুৱতী। উন্নত চিকিৎ‍সাৰ বাবে গুৱাহাটীলৈ নিয়া পথতে মৃত্যু হয় দিম্পী কৈৱৰ্ত নামৰ যুৱতীগৰাকীৰ।

মৃত যুৱতীগৰাকীৰ ঘৰ ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ উমানন্দত। ঘটনা সন্দৰ্ভত গোৰেশ্বৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। দুৰ্ঘটনাত সংঘটিত কৰা পালচাৰ বাইকখনৰ নম্বৰ AS-28 D 2245 ।