অসম

গৌৰীপুৰত শিশু নিৰ্যাতনৰ ঘটনাত দুজনক আটক...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ঝালেৰ আলগা অঞ্চলত শিশু ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে গৌৰীপুৰ থানাৰ অন্তৰ্গত ঝালেৰ আলগা প্ৰথম খণ্ড গাঁওৰ ছাদেক আলী নামৰ লম্পট যুৱকজনে অঞ্চল খনৰে ৬ ৰ পৰা ৮ বছৰ বয়সৰ তিনি কন্যা শিশুক ধৰ্ষণ কৰে।

ঘটনা সন্দৰ্ভত স্থানীয় গৌৰীপুৰ আৰক্ষী থানাত ভুক্তভোগী শিশুৰ পৰিয়ালে এজাহাৰ দাখিল কৰাত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই ধৰ্ষণকাৰী যুৱক জনক আটক কৰে ।

যুৱক জনক আৰক্ষীয়ে থানাত জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে শিশু ধৰ্ষণৰ ঘটনাক গাপ দিয়াৰ বাবে দালালী কৰা বাহাৰ আলী বেপাৰী নামৰ মাতাব্বৰ এজনকো আজি আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে। একাংশ মাতাব্বৰে ধৰ্ষণৰ ঘটনাক গাপ দিবলৈ ব্যাপক চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে।