অসম

''লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা'' আজি গৰু বিহু

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি গৰু বিহু । চত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয় । অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে গৰু বিহু ।

গাওঁৰ কৃষক সকলে সাতমপুৰুষীয়া ৰীতি নীতি মানি শুকুৰবাৰে পালন কৰিছে গৰু বিহু । কৃষক সকলে পুৱাতেই ওচৰৰ নৈ বিল পুখুৰীত গা ধুৱাই । গা ধুৱাই লাওঁ বেঙেনা,হালধী গৰুৰ গালৈ মাৰি প্ৰতিজন অসমীয়া কৃষিজীৱী লোকে গায় – লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা ।

ইফালে শুকুৰবাৰে ৰাজ্যত পালন কৰা হ'ব মানুহ বিহু । বিহুক লৈ চাৰিও ফালে উৎসাহ উদ্দীপনা দেখা গৈছে । মানুহ সকল চহৰ এৰি গাঁৱলৈ ঢাপলি মেলিছে। অসমীয়াৰ বাপতি সাহোন বিহুটিলৈ এতিয়া সকলোৰে মনত উছাহ উদ্দীপনা।