অসম

ভাৰতত সংস্থাপিত হ’বই হিন্দু বাংলাদেশী! কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ

asomiyapratidin

ডিডিটেল ডেস্কঃ দেশৰ কেইবাখনো ৰাজ্যৰ ১৬খন জিলাত বাংলাদেশী হিন্দুক নাগৰিকত্ব প্ৰদানৰ নির্দেশ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠিছে। কোনো কোনো লোকে যদি কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে আন কোনোৱে আকৌ কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত এই বিধেয়কৰ বিৰোধিতা নকৰাৰ বাবে ৰাজ্য চৰকাৰক দোষাৰোপ কৰিছে।

ঠিক তেনে এক সন্ধিক্ষণতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ জাননীযোগে বাংলাদেশী হিন্দু সকলক সংস্থাপিত কৰাৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰা হৈছে।

ইফালে অসমতে যে বাংলাদেশী হিন্দু সকলে সংস্থাপন পাব তেনে নহয়, দিল্লীতো নাগৰিকত্ব পাব হিন্দু বাংলাদেশীয়ে। ২২ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা বলবৎ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

চৰকাৰে জাননী প্ৰেৰণৰ জৰিয়তে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা ভাৰতলৈ অহা হিন্দু, জৈন, বৌদ্ধ, পাৰ্ছী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকক নাগৰিকত্ব আইন ১৯৫৫ অনুসৰি নাগৰিকত্ব প্ৰদানৰ নিৰ্দেশ দিছে।

ইফালে ইয়াৰ সমান্তৰালকৈ গুজৰাটৰ আহমেদাবাদ, গান্ধীনগৰ আৰু কচ্চ, মধ্য প্ৰদেশৰ ভূপাল আৰু ইন্দোৰ, মহাৰাষ্ট্ৰৰ নাগপুৰ, মুম্বাই, পুনে আৰু থানে, পশ্চিম দিল্লী আৰু দক্ষিণ দিল্লীটো ইত্যাদিটো এই জাননী কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে।‍