অসম

এদিন বন্ধত অসমত লোকচান ১৬৪৩ কোটি টকাৰ, সেই টকা ভৰিব লাগিব বন্ধ দিয়া সকলে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম বন্ধ দিয়া সকলৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে কৰিলে এক বিশেষ পোষ্ট। অসম বন্ধ দিয়া সকলে ভৰিব লাগিব ১৬৪৩ কোটি টকা।

ফেচবুকত এক পোষ্ট কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, অসমৰ জিএছডিপিৰ পৰিমাণ ৫,৬৫,৪০১ কোটি টকা । আনহাতে বন্ধৰ বাবে এদিনত অসমত হোৱা লোকচানৰ পৰিমাণ প্ৰায় ১৬৪৩ কোটি টকা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশৰ পাৰা ৩৫(৯) অনুসৰি এনে বন্ধৰ আহ্বান জনোৱা সকলৰ পৰা এদিনৰ বন্ধৰ বাবদ হোৱা লোকচান উঠাব লাগে। ইয়াৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনাও সংযোগ কৰে সিঙে।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আছে ৰাজ্যৰ ১৩ টা ৰাজনৈতিক দলে। এই সন্দৰ্ভত এক স্মাৰক পত্ৰও তেওঁলোকে প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰীক। লগতে তেওঁলোকে হুংকাৰ দিছিল যে অসমত কা বলবৎ হোৱাৰ দিনাই অসম বন্ধ হ'ব। তাৰ পাছতে জিপি সিঙে এই পোষ্ট কৰে।