অসম

মহানগৰীত পুনৰ হত্যাকাণ্ড

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মহানগৰীৰ গোশালাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। দেওবাৰে ভূমিকেন্দ্রিক সংঘাতৰ ফলত মৃত্যু এজন যুৱকৰ।

জুপিতাৰ ক্লাৱৰ সদস্যৰ প্রহাৰত মৃত্যু হোৱাৰ অভিযোগ সুদম বড়ো নামৰ যুৱকজনৰ। মৃত যুৱকৰ আত্মীয় আৰতি বাছফৰ নামৰ এগৰাকী মহিলাৰ পৰা অভিযুক্তই ক্ৰয় কৰিছিল মালিগাওঁ মিঠা আমতল মাটি।

ধনৰ লেনদেনক লৈ ক্লাৱৰ সদস্যৰ সৈতে যুৱকজনৰ সংঘাতৰ সৃষ্টি হৈছিল। সেই সংঘাততে আহত যুৱকজনক GMCHত ভৰ্তি কৰোৱা হয় কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় যুৱকজনৰ। আনহাতে সংকটজনক অৱস্থাত আন এজন যুৱক GMCHত চিকিৎসাধীন হৈ আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।