প্ৰায় ২ কোটি টকাৰ চোৰাং কাঠ জব্দ... 
হাইলাকান্দি

প্ৰায় ২ কোটি টকাৰ চোৰাং কাঠ জব্দ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ হাইলাকান্দিত বন বিভাগে চলোৱা এক অভিযানত বহু পৰিমাণৰ কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে। বন বিভাগে জব্দ কৰা এই কাঠসমূহ চেণ্ডণ কাঠ বুলি জানিবলৈ দিছে।

হাইলাকান্দিৰ বাইপাছৰ পৰা জব্দ কৰা এখন কাঠভৰ্তি বাহনৰ পৰা জব্দ কৰা হৈছে এই কাঠখিনি। জব্দ কৰা এই চেগুণ কাঠিখিনি কোনো নঠিপত্ৰ নাছিল। যাৰ বাবে এয়া অবৈধ আৰু চোৰাং সৰবৰাহ বুলি নিশ্চিত হয়।

আৰক্ষীয়ে এই সন্দৰ্ভত আটক কৰিছে চোৰাং তথা অবৈধ কাঠখিনি সৰবৰাহ কৰা বাহনখনৰ চালকক। আটকাধীন ট্ৰাক চালকজনৰ নাম মজিবুল আলী।

ইফালে জব্দ কৰা কাঠখিনিৰ বজাৰ মূল্য আনুমানিক ২ কোটি টকা হ'ব বুলি বন বিভাগৰ লোকে জানিবলৈ দিছে। আনহাতে জব্দ কৰা বাহনখনৰ নম্বৰ এ এছ ১১ চি চি ৮৫৭০।