অসম

ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলি, নিহত এজন

Asomiya Pratidin

ডিজিটেল সংবাদ, হাজোঃ পুনৰ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক। কামৰূপৰ আজ্ঞাঠুৰীত আৰক্ষী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ গুলীয়াগুলি। দেওবাৰে সংঘটিত হয় এই ঘটনা।

আৰক্ষীৰ গুলীত নিহত ড্ৰাগছ সৰবৰাহকাৰী চালাম আলী।। এখন AS 01 FQ 8535 চুইফট বাহনেৰে আহিছিল তিনিজনীয়া ড্ৰাগছ সৰবৰাহকাৰীৰ দলটো ।

আৰক্ষীয়ে বাহনখন ৰখাবলৈ চেষ্টা কৰোতে আৰক্ষীলৈ গুলীয়াইছিল চুইফট বাহনত অহা ড্ৰাগছ সৰবৰাহকাৰীৰ দলটোয়ে। কামৰূপ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান ।

আন দুজন সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে। সাধাৰণ লোকৰ গাটো লাগিছে গুলী। আনহতে চুইফট বাহনখনে মহতিয়াই লৈ যায় কেইবাখনো বাহন ।

ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰিছে কামৰূপ আজ্ঞাঠুৰীত । আহত কেইজনক ভৰ্তি কৰোৱা হৈছে অমিনগাঁও তুলাৰাম বাফনা মেডিকেলত।।

ড্ৰাগছ মাফিয়া নুৰ ইছলাম আৰু হিৰণ্য ঠাকুৰীয় আৰক্ষীৰ গুলিত গুৰুতৰ ভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। ড্ৰাগছ মাফিয়া হিৰণ্যৰ ঘৰ হাজোৰ বৰম্বৈত। ৰেবটি ভৰালী নামৰ এগৰাকী সাধাৰণ মহিলাও গুৰুতৰ ভাৱে আহত হৈছে এই ঘটনাত।