অসম

হাজোৰ হালোগাঁৱত ভকতৰাম ভাণ্ডাৰ কায়স্থ সোঁৱৰণী ফুটবলৰ সামৰণি

Asomiya Pratidin

ডিজিটেল সংবাদ,হাজোঃ হাজোৰ হালোগাওঁত ভকতৰাম ভাণ্ডাৰ কায়স্থ সোঁৱৰণী ফুটবলৰ সামৰণি। হালোগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাৰ সামৰণি।

তীব্ৰ উত্তেজনা পূৰ্ণ খেলত দামপুৰ ক্ৰীড়া সংস্থা চূড়ান্ত বিজয়ী। ৰঙিয়া এফ চি ক্লাৱক ২-০ গলত পৰাস্ত কৰে দামপুৰ ক্ৰীড়া সন্থাই। বঁটা বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এমন্ট্ৰণৰ উপ প্ৰবন্ধক দিনমনি ভাণ্ডাৰ কায়স্থ।

খেলৰ জৰিয়তে বিশ্বত শান্তি স্থাপনৰ পোষকতা কৰে মুখ্য অথিতি গৰাকীয়ে। আছুৰ উপদেষ্টা প্ৰকাশ দাসে আজিৰ খেলুৱৈ কাইলৈ দেশৰ ভবিষ্যত বুলি সদৰী কৰি কঠোৰ অনুশীলন কৰিবলৈ আহ্বান জনায়। আনহাতে এই ফাইনেল খেল চাবলৈ হাজাৰ হাজাৰ দৰ্শক উপস্থিত থাকে হালোগাঁও অভয় চৰণ চৌধাৰী ষ্টেডিয়ামত।