হাজোৰ ৰামদিয়াত বনৰীয়া হাতীক কেন্দ্ৰ কৰি বন বিভাগক ককৰ্থনা... 
অসম

হাজোৰ ৰামদিয়াত বনৰীয়া হাতীক কেন্দ্ৰ কৰি বন বিভাগক ককৰ্থনা...

Asomiya Pratidin

ডিজিটেল সংবাদ হাজোঃ হাজোত বানপানীৰ পৰিস্থিতিৰ মাজতে এটা হাতীক কেন্দ্ৰ কৰি বন বিভাগ ককৰ্থনাৰ সন্মুখীন হ'বলগীয়া হৈছে। হাজোৰ ৰামদিয়াত মুকলিকৈয়ে ঘূৰি আছে এটা এটা প্ৰকাণ্ড বনৰীয়া হাতী। এই হাতীটো জনাঞ্চলৰ পৰা আঁতৰাই পঠিয়াবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগৰ লোকে। ফলত আতংকিত স্থানীয় ৰাইজে বন বিভাগৰ লোকক ককৰ্থনা কৰিছে।

হাতীৰ আতংকত থকা স্থানীয় লোকৰ বন বিভাগলৈ প্ৰশ্ন, আপোনালোকে কাঠৰ মিলৰ পৰা পইচা ল'ব পাৰে, মাটি কাটিলে পইচা ল'ব পাৰে, ট্ৰেক্টৰ পৰা পইচা ল'ব পাৰে কিন্তু হাতীটো উদ্ধাৰ কৰিব বা খেদিব পৰা নাই।

উল্লেখ্য যে, আজি পুৱাৰে পৰা ৰামদিয়াৰ বিভিন্ন স্থানত ঘূৰি ফুৰিছে এটা প্ৰকাণ্ড হাতী। বানৰ কবলত পৰি ব্ৰহ্মপুত্ৰ চাপৰিৰ পৰা হাতীটো ৰামদিয়াৰ পথাৰলৈ অহাৰ সন্দেহ স্থানীয় ৰাইজৰ।

ইফালে জনাঞ্চলত প্ৰৱেশ কৰি হাতীটোও আতংকিত হৈ পৰাৰ সন্দেহ কৰা হৈছে। এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ ঘূৰি ফুৰিছে হাতীটোৱে। এই সন্দৰ্ভত হাজো আঞ্চলিক বন বিভাগক খবৰ দিয়াৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। স্থানীয় ৰাইজৰ দাবী হাতীটোক ট্ৰেংকুলাইজ অথবা খেদি পঠিয়াব লাগে। কিয়নো যিকোনো সময়তে এই হাতীটোৱে বিপদ মাতিব পাৰে।